জৰঠ এখিলা সৰাপাত
ৰশ্মি ৰেখা দুৱৰা
বৰপথাৰ কোঁৱৰ গাঁও, ডিব্ৰুগড়
ক’ত?কোনে কৰিছে অৱহেলা
ভৰিৰে গচকি মহতিয়াই নিনিবা
আঘাত পাব আত্মসন্মানত
গোপন কোণত অজানা বিষে
কুৰুকি কুৰুকি সোমাব।
তন্দ্ৰাৰ কোলাত সুকোমল দলিচা নহয়
উশাহটো টানিবলৈ অলপ ঠাই
শীতৰ কুঁৱলীৰ ঠেঁটুৱৈ জাৰত
মৰ-মৰ ধ্বনিৰে এলাগী নকৰিবা
গছৰ ডালতে আঁকিছিল অযুত সপোন।
সৌন্দৰ্যৰ পোছাক নিপিন্ধিলেও
যান্ত্ৰিকতাত সাহস হৈ ৰ’ব
ভুল-শুদ্ধ বিচাৰ কৰিব
গভীৰৰ পৰা গভীৰতালৈ
নিস্বাৰ্থভাবে ছায়া হৈ ৰ’ব,
তলসৰা ৰঙচুৱা বৰণৰ আঁৰত
মৌ-মিঠা অপূৰ্ব সমাহাৰ
লগ নেৰিবা,লেৰেলি নিঃশেষ নোহোৱালৈ
হাতত ধৰাই দিবা লাখুটিদাল
হাঁহি মাৰি পুনৰ জী উঠিব।
বুটলি লৈছোঁ এখিলা সৰাপাত
নিভাঁজ মৰমেৰে আঁকোৱালি
সুখী হওক বিচৰা ধৰণে
স্বস্তিৰ নিশ্বাস পেলাবলৈ
এৰি দিছো মুক্ত মনে !
