“জয় গুৰু শংকৰ” – ইলা ডেকা, গুৱাহাটী

pc Assam Srories

হে গুৰু তুমি আমাৰ গুৰু
আমাৰ জাতিৰ গুৰু
জগতৰে গুৰু তুমি
আহিবানে গুৰু পুনৰাই আমাৰ মাজলৈ
ভকতৰ উদ্ধাৰৰ হেতু ?
হ’বানে আৱিৰ্ভাব পুনু আমাৰ মাজত
তোমাৰ নীতি আদৰ্শ, কলা-সংস্কৃতি,
গীত, নাট, ভাওনা উলঙ্ঘা কৰা
অসুৰ সদৃশ দুষ্কৃতিকাৰীক
তোমাৰ অসীম শক্তিৰে বশ কৰিবলৈ
আহিবানে গুৰু আমাৰ মাজলৈ ?

দুৰ্নীতি দুৰাচাৰ  নানা ব্যভিচাৰ
ধৰ্ষণ, লুণ্ঠনে কালিমা সানিছে
নাৰী সমাজৰ
নাহিবানে গুৰু তুমি আমাৰ মাজলৈ ?
এই অত্যাচাৰী, ব্যভিচাৰী নৰ হত্যাকাৰী
পাষণ্ডসকলক বিনাশ কৰিবলৈ,
তোমাৰেই “এক শৰণ নাম ধৰ্মৰে”
দিছিলা নাৰী-পুৰুষৰ সম অধিকাৰ
কিন্তু ক’তা ? আজিও দেখো অবলা
নাৰীৰ ওপৰত, পুৰুষৰ নান অত্যাচাৰ
নকৰানে গুৰু ইয়াৰ উচিত বিচাৰ ?

হে গুৰু কাতৰে মাতিছো তোমাক
আহা আকৌ এবাৰ এই ধৰা ধামলৈ
তোমাৰ চৰণত শত কৌতি যাচিছো প্ৰণাম
আই মাতৃ, ভকত বৈষ্ণৱক কৰিব উদ্ধাৰ
আহা গুৰু আকৌ এবাৰ।

তোমাৰ গুৰু বাণীৰে গোটেই জগত
মুখৰীত কৰি অজ্ঞান আন্ধাৰ দূৰ কৰিবলৈ
আহা গুৰু আকৌ এবাৰ।।