জ্যোষিতাৰ বাবে ন্যায় বিচাৰি ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ
বিতৰ্কিত ঠিকাদাৰকো তদন্তৰ আওতালৈ অনাৰ দাবী
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰ এতিয়া দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত চূড়ান্তভাৱে নিমজ্জিত হৈ পৰিছে। তাৰ শেহতীয়া উদাহৰণ নৱ-প্ৰজন্মৰ সুদক্ষ অভিযন্তা জ্যোষিতা দাসে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ কৰি শেষত প্ৰাণ বিসৰ্জন দিয়াতো। জ্যোষিতা দাস নামৰ দুৰ্নীতিৰ বিৰুদ্ধে আপোচ নকৰা অসমৰ সাহসী যুৱতীগৰাকীৰ অকাল মৃত্যুৰ চিবিআই তদন্তৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত চলা লোক নিৰ্মাণ বিভাগত কমিছন লৈ অৰ্ধসমাপ্ত কাম সম্পূৰ্ণ হোৱা বুলি প্ৰমাণ পত্ৰ দিয়াৰ যি অভিযোগ জ্যোষিতা দাসে উত্থাপন কৰি আত্মহননৰ টোকাত লিপিৱদ্ধ কৰিছে সেই বিষয়টো চিবিআইৰ দ্বাৰা তদন্ত হ’ব লাগে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰায়সকল জ্যেষ্ঠ নেতাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বৰাক উপত্যকাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কেবাখনো সভাত উপস্থিত থাকি জ্যোষিতা দাসৰ ওপৰত চলা চৰকাৰী বিষয়াৰ মানসিক নিৰ্যাতনক তীব্ৰ গৰিহণা দিয়ে আৰু জ্যোষিতাৰ পৰিয়ালে যাতে ন্যায় লাভ কৰে তাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এখন ন্যায়িক যুঁজ অব্যাহত ৰাখিব বুলি মন্তব্য কৰে। প্ৰতিখন জিলাৰ সদৰত জ্যোষিতাৰ বাবে ন্যায় বিচাৰি অসম প্ৰদেশ কংগ্ৰেছে পালন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটা জিলা সদৰত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু বঙাইগাঁৱত কাৰ্যকৰী সভাপতি প্ৰদীপ সৰকাৰৰ নেতৃত্বত উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী মহানগৰ জিলাৰ লগতে ডিব্ৰুগড়, শোণিতপুৰ, যোৰহাট, চৰাইদেউ, নগাঁও, লখিমপুৰ, দৰং জিলাতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটী মহানগৰ জিলাত জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাসৰ নেতৃত্বত প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাৰ লগতে বিধায়ক দিগন্ত বৰ্মন আৰু বাতেন খন্দকাৰৰ উপস্থিতিত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে, এই দুৰ্নীতিৰ সামগ্ৰিক অভিযোগৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজন ঘনিষ্ঠ ঠিকাদাৰৰ নাম চৰ্চালৈ আহিছে আৰু ৰুদ্ৰ পাঠক নামৰ ঠিকাদাৰজনৰ লগতে ঘটনাৰ লগত জড়িত আন বিষয়া-কৰ্মচাৰীকো তদন্তৰ আওতালৈ আনিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দাবী উত্থাপন কৰিছে।