জ্যোতি বিহীন শলিতা
নিৰঞ্জন ঠেঙাল
গোলাঘাট
জনা নজনাৰ সময়!
বয়সৰ অংক
চিংগল শাৰীত থাকোতেই হৃদয়ৰ
কোনোবা এটা কোণত ফুলিছিৰ এপাহ বনফুল।।
নাজানো কি আছিল!
সেয়া অনুভৱ, কিম্বা
সম্পৰ্কটিৰ সংজ্ঞা, কিন্তু,,,,,
বিশেষ আছিল।
এটি মন জিকিব পৰা গীতৰ সুৰ আছিল,
আছিল সিটো জগতৰ অন্যতম,
মূল্যৱান বান্ধোন!
তথাপি সময়ৰ চক্ৰ ঘূৰিল,
স্বাভিমান নামৰ দৈত্যটোৱে
গোটাই গোটাই গিলি গ’ল আমাৰ
বান্ধোন,,,,
ভুল নামৰ সমীকৰণটো আজিও পৰি ৰ’ল,
উত্তৰহীন প্ৰশ্নবোৰ আজি ধূলিৰ সংগী
চেষ্টাৰ সঞ্জিৱনী দূৰতে থমকি ৰ’ল
কাৰণ হেনো –
বিধিৰ জ্ঞানৰো বাহ্যিক।
