জ্যোতি চিত্ৰবনত অভিনয় আৰু আবৃত্তিৰ কৰ্মশালা
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ১৪, ১৫ আৰু ১৬ জুনত জ্যোতি চিত্ৰবনত ‘আখৰা ঘৰ চিনে ছ’ছাইটিৰ উদ্যোগত তিনিদিনীয়া অভিনয় আৰু আবৃত্তিৰ প্ৰাৰম্ভিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। নতুন প্ৰজন্মৰ মাজত আবৃত্তিক অধিক জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যৰে আয়োজন কৰা এই কৰ্মশালাত অভিজ্ঞ অভিনয় শিল্পী আৰু আবৃত্তিকাৰে প্ৰাৰম্ভিক প্ৰশিক্ষণ দিব। দুটা শাখা হ’বলগীয়া এই প্ৰশিক্ষণত পঞ্চম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব। (ক শাখা-প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী,খ – শাখা – ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়)। শিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ আৰু অন্যান্য সামগ্ৰী দিয়া হ’ব। যোগদানৰ মাচুল ২০০ টকা। আগ্ৰহীসকলে 9577348305 নম্বৰলৈ নিজৰ নাম আৰু শ্ৰেণীৰ তথ্য What’s App যোগে প্ৰেৰণ কৰি Google Form সংগ্ৰহ কৰিব পাৰিব। প্ৰশিক্ষাৰ্থীৰ আসন সীমিত।