জ্যোতিন্দ্ৰ নাৰায়ণ দেৱ সোঁৱৰণী এ ডিভিজন ফুটবল লীগত ‘ৰাইজিং ক্লাব ‘হাজৰিকাপাৰা চূড়ান্ত বিজয়ী

জ্যোতিন্দ্ৰ নাৰায়ণ দেৱ সোঁৱৰণী এ ডিভিজন ফুটবল লীগত ‘ৰাইজিং ক্লাব ‘হাজৰিকাপাৰা চূড়ান্ত বিজয়ী

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলদৈ ক্ৰীড়া সন্থাৰ সৌজন্যত অনুষ্ঠিত জ্যোতিন্দ্ৰ নাৰায়ণ দেৱ সোঁৱৰণী এ ডিভিজন ফুটবল লীগ ,২০২৩ ৰ ফাইনেলত বিজয় সাব্যস্ত কৰিছে ৰাইজিং ক্লাব হাজৰিকাপাৰাই। মঙ্গলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত যোৱা শুক্ৰবাৰে অনুষ্ঠিত ফাইনেল খেলত ৰাইজিং ক্লাব হাজৰিকাপাৰাই দেওমৰনৈ আঞ্চলিক ক্ৰীড়া সন্থাক ৬-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।‌ উত্তেজনা মূলক খেলখনত বিজয়ী দলৰ হৈ গ’ল দিয়ে গণেশ ডেকাই ( ২৮ মিনিট ,৩৩ মিনিট ,৪০ মিনিট আৰু ৯০ মিনিট+), যুগল কিশোৰ চহৰীয়াই (৪৫ মিনিট+) আৰু মনোজ কলিতাই (৮৪ মিনিট)।আনহাতে বিজিত দলৰ হৈ গ’ল পৰিশোধ কৰে ক্ৰমে মোজাহিজুল ইছলাম (৮৭ মিনিট) আৰু মোজ্জ্বামিল হক (৮৮ মিনিট)। খেলখনত ৰেফাৰীৰ দায়িত্বত আছিল দেবেন কুমাৰ বড়ো, হিতেশ কলিতা, ৱাহিদুৰ ৰহমান আৰু গণেশ ডেকা। খেলৰ শেষত মঙ্গলদৈ ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে দুয়োটা দলকে শুভেচ্ছা জনাই বিজয়ী দলক জ্যোতিন্দ্ৰ নাৰায়ণ দেৱ সোঁৱৰণী ট্ৰফী প্ৰদান কৰে।‌