জ্যেষ্ঠ সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাত আঘাত হানিছে অসম চৰকাৰে, গৰিহণা অসম জাতীয় পৰিষদৰ

জ্যেষ্ঠ সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাত আঘাত হানিছে অসম চৰকাৰে, গৰিহণা অসম জাতীয় পৰিষদৰ
চৰকাৰক যুক্তিগতভাৱে সমালোচনা কৰা অথবা প্ৰশ্ন কৰাটো সাংবাদিকতাৰ মৌলিক ধৰ্মঃ অজাপ

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ জ্যেষ্ঠ সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা ঘটনাক গৰিহণা দিছে অসম জাতীয় পৰিষদে। শেহতীয়াকৈ অসম আৰক্ষীৰ অপৰাধ শাখাই The Wireৰ প্ৰতিষ্ঠাপক সম্পাদক সিদ্ধাৰ্থ ভৰদ্বাৰাজন আৰু কৰণ থাপাৰকো BNSSৰ অধীনত চমন জাৰি কৰিছিল যদিও শুকুৰবাৰে সাংবাদিকদুগৰাকীক উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰে। আনহাতে, বৃহস্পতিবাৰে সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ শাখাই দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিছে। এই সামগ্ৰিক ঘটনাক নিন্দা কৰিছে অসম জাতীয় পৰিষদে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘অসমত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। গণতন্ত্ৰত সংবাদ মাধ্যমৰ ভূমিকাৰ কথা নকৈ ক’বলগীয়া নাই৷ সুস্থ গণতন্ত্ৰক আপোচবিহীন সাংবাদিকতাই বাট দেখুৱাই আহিছে, সময়ে সময়ে শক্তিশালী কৰি আহিছে৷ দেশৰ স্বতন্ত্ৰ সাংবাদিকতাত The Wireৰ ভূমিকাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই। অনুসন্ধানমূলক বাতৰিৰে সত্য উদঘাটন কৰি অসম চৰকাৰৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰা বাবে প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ ভৰদ্বাৰাজন আৰু কৰণ থাপাৰক অসম আৰক্ষীয়ে চমন জাৰি কৰাটো লজ্জাজনক।’ গগৈ আৰু ভূঞাই লগতে কয়, ‘‘ডিমা হাছাওৰ ৩০০০ বিঘা আদানিক গতাই দিবলৈ ওলোৱা মুখ্যমন্ত্ৰীৰ মুখাৰ আঁৰৰ মুখ দেশবাসীৰ ওচৰত উন্মোচিত কৰা বাবে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে অভিষাৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাটো অত্যন্ত নিন্দাজনক তথা গণমুখী সাংবাদিকতাৰ প্ৰতি এয়া চৰকাৰখনৰ চূড়ান্ত অপমান৷ চৰকাৰৰ এনে আক্ৰোশমূলক কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ৷ তেওঁলোকে মনত ৰখা ভাল যে সাংবাদিকতাৰ শক্তিক ৰুধিব পৰা কোনো শক্তিৰ পৃথিৱীত জন্ম হোৱা নাই৷’’সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘সত্য উন্মোচনেই যদি সাংবাদিকৰ অপৰাধ হয়, তেনে সমাজত গণতন্ত্ৰৰ অপমৃত্যুও কোনো সচেতন নাগৰিকে চাই নাথাকিব৷ অসমৰ খিলঞ্জীয়া নাগৰিকৰ অধিকাৰ তথা জাতীয় জীৱনৰে জড়িত মৌলিক প্ৰশ্ন দেশবাসীৰ সমুখত তুলি ধৰা বাবে অভিষাৰ শৰ্মা ডাঙৰীয়াক বন্দী কৰিব বিচাৰি চৰকাৰে সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাৰ প্ৰচেষ্টা চলাইছে৷ অসম চৰকাৰৰ এই অসৎ প্ৰচেষ্টাই দেশবাসীৰ ওচৰত অসমবাসীক লজ্জানত কৰিছে। এনে দমনমূলক আচৰণেৰে চৰকাৰে নিজৰ দুৰ্বলতাসমূহৰ প্ৰতি আহিব পৰা প্ৰশ্নসমূহক লৈ যে শংকিত সেয়াই প্ৰমাণ কৰিলে৷ চৰকাৰক যুক্তিগতভাৱে সমালোচনা কৰা অথবা প্ৰশ্ন কৰাটো সাংবাদিকতাৰ মৌলিক ধৰ্ম৷ সেই ধৰ্ম পালন কৰি সততাৰে সাংবাদিকতা কৰা সাংবাদিকৰ কণ্ঠৰুদ্ধ কৰাৰ প্ৰচেষ্টা নচলাবলৈ চৰকাৰক সকীয়াই দিছোঁ৷’’শেহতীয়াকৈ বিজেপি চৰকাৰে ভাৰতত সাংবাদিকতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই লগতে কয়, ‘‘অসমতো দেখা গৈছে চৰকাৰখনে সাংবাদিকতাক নিয়ন্ত্ৰণ কৰি নিজৰ হাতৰ মুঠিত ৰাখিব খোজা এটা ভয়াৱহ পৰিবেশ৷ চৰকাৰক যুক্তিগতভাৱে সমালোচনা কৰা অথবা প্ৰশ্ন কৰাটো সাংবাদিকতাৰ মৌলিক ধৰ্ম৷ সাংবাদিকৰ কথন আৰু লিখনৰ স্বাধীনতাত যাতে কোনোৱেই আঁচোৰ পেলাব নোৱাৰে, তাৰ বাবে আমি সজাগ-সচেতন হৈ থকাটো জৰুৰী৷’’