জ্যেষ্ঠ ফটো সাংবাদিক মনোজ ডেকাৰ মৃত্যুত মিডিয়া এছ’চিয়েছন, অসমৰ শোক প্ৰকাশ

জ্যেষ্ঠ ফটো সাংবাদিক মনোজ ডেকাৰ মৃত্যুত মিডিয়া এছ’চিয়েছন, অসমৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰাগ নিউজ চেনেলৰ জ্যেষ্ঠ ফটো সাংবাদিক মনোজ ডেকাই মঙলবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷ তেওঁৰ মৃত্যুত মিডিয়া এছ’চিয়েছন, অসমে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ শোকৰ সমভাগী হয়৷ ডেকাৰ বিয়োগ অসমৰ সংবাদ জগতৰ বাৱে এক অপূৰণীয় ক্ষতি বুলি দুখ প্ৰকাশ কৰে সংগঠনটোৰ সভাপতি হীৰেন চন্দ্ৰ কলিতা আৰু সম্পাদক প্ৰধান চন্দ্ৰ কুমাৰ শইকীয়াই৷ ডেকাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকৰ সাগৰত থকা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মিডিয়া এছ’চিয়েছন অসমে৷ আনহাতে অসমীয়া কথাছবি আৰু ধাৰাবাহিকৰ কেমেৰামেন ধীৰেন কলিতাৰ দেওবাৰে নিশা মৃত্যু হয়৷ ৰঙিয়াৰ গুৰকুছি গাৱঁৰ বাসিন্দা তথা অসমীয়া কথাছবি আৰু ধাৰাবাহিকৰ কেমেৰা মেন ধীৰেন কলিতাৰ ৰবিবাৰে নিশা ১২:১০ বজাত নিজ বাস গৃহতে মৃত্যু হয় বুলি জানিব পৰা গৈছে। মিডিয়া এছ’চিয়েছন, অসমে কলিতাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷