জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ
ৰঙিলী বাৰ্ত্তাসেৱা- চৰকাৰক বিৰোধিতা কৰি সমালোচনা কৰাৰ অভিযোগত এজন ৰাজনৈতিক দলৰ মুখপাত্ৰ সুশান্ত নাথ গ্ৰেপ্তাৰ,আৰু সেই অভিযোগ প্ৰকাশ কৰা সাংবাদিকক prag newsৰ সম্পাদক জিতুমণি বৰা আৰক্ষীৰ জেৰা ,বাক স্বাধীনতাৰ কাৰণে এক অশনি সংকেত ।-এই মন্তব্য জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ৷আজি এক প্ৰেছ বিবৃতিযোগে পুনৰ হাজৰিকাই কয়-আম আদমী পাৰ্টীৰ মুখপাত্ৰ সুশান্ত নাথে হয়তো এটা ভুল অভিযোগ কৰিলে যে সৰুসজাইত অনুষ্ঠিত হ’ব লগীয়া বিহুৰ কাৰণে কলাক্ষেত্ৰত টিকট বিক্ৰী কৰিছে, সেইটো অপৰাধ কেনেকৈ হল ? সেইয়া IPC দফা 153 ক ,দফা 505 অনুসৰি সাম্প্ৰদায়িক সংঘাতত কেনেকৈ অৰিহণা যোগালে ? অভিযোগ প্ৰকাশ কৰাৰ কাৰণে এজন সম্পাদকক আৰক্ষী জালত কিয় পেলালে?বাতৰি প্ৰকাশ কৰোঁতে সাৱধানতা দেখুৱাই, টিকট বিক্ৰী হ’ব পাৰে কিজানি বুলি কোৱাৰ পিছতো এজন সাংবাদিকক চমন কৰি জেৰা কৰাৰ যুক্তি কি? এইয়া বিপক্ষ আৰু সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাৰ প্ৰচেষ্টা নহয় নে?ভুল অভিযোগৰ আইনী উপায় হৈছে মানহানি গোচৰ, বিশেষকৈ যেতিয়া তথ্য ভিত্তিত এটা সাধাৰণ বিষয়, সৰুসজাই বিহুত প্ৰৱেশ বিনামূলীয়া নে টিকট ক্ৰয় কৰিব লাগিব ।এনে অভিযোগে কেনেকে এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব যাৰ কাৰণে জামিন বিহীন ধাৰা লগাই , IPC 153 ক,505 প্ৰযোজ্য হব? যদি মুখ্যমন্ত্ৰী বা চৰকাৰ এনে অভিযোগেৰে ক্ষুব্ধ তেন্তে তেওঁলোকৰ উপায় হৈছে অতিবেছি এটা মান হানিৰ গোচৰ ৰুজু কৰাৰ।এই পৰিস্থিতিত এটা মান হানি গোচৰো গ্ৰহণ যোগ্য নহয়।এনেকুৱা কঠোৰ অপৰাধৰ ধাৰা কোনো কাৰণেই প্ৰযোজ্য নহয়।সাধাৰণ জনতাক মুখ বন্ধ কৰিবলৈ এনেকুৱা কঠোৰ ধাৰা আৰক্ষীয়ে লগোৱাতো এইয়া প্ৰথম উদাহৰন নহয়,কিছু মাহৰ পূৰ্বে গোলাঘাটৰ ১৯ বছৰীয়া যুৱতী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক ৬৩ দিন কাৰাগাৰৰ বন্দী কৰে ফেচবুকত এটা কবিতা লিখাৰ বাবে । বৰ্ষাশ্ৰীৰ বিৰুদ্ধে অভিযোগ যে কবিতাত সূৰ্য উল্লেখ কৰাৰ বাবে তেওঁ আলফা সদস্য। যদি ভুল তথ্য দিয়াৰ কাৰণে কাৰাগাৰৰ বন্দী হ’ব লাগে তেন্তে আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা অপৰাধতো কৰিয়েই থাকে। কিছু দিনৰ পূৰ্বে শিলসাঁকো বিলত উচ্ছেদৰ সময়ত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত শিলসাঁকোৰ প্ৰস্তাৱিত উন্নয়নৰ অভিলাসি আঁচনি এখনৰ আলোকচিত্ৰ দি প্ৰচাৰ কৰিছিল। লগে লগে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ ভুল প্ৰমাণিত হ’ল যে মুখ্যমন্ত্ৰীয়ে দিয়া আলোকচিত্ৰ খন আচলতে গুজৰাটস্থিত কণকৰিয়া প্ৰকল্পৰ,আৰু তেওঁ নিজৰ ভুল মানিও ললে ।এনে ভুৱা গোচৰ তৰি বিপক্ষ আৰু চতুৰ্থ স্তম্ভৰ বাক স্বাধীনতাৰ মূল অধিকাৰৰ উলংঘন কৰাৰ উপৰিও এটা স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ ।উচ্চতম ন্যায়ালয়ে বাৰম্বাৰ সংবাদ মাধ্যমৰ বাক স্বাধীনতাৰ অধিকাৰ সুৰক্ষাৰ বাবে বহুতো ৰায়দান দিছে । যোৱা 05 এপ্ৰিল 2023 ত এনে এটা ৰায়দানত উচ্চতম ন্যায়ালয়ে কেৰেলাৰ মিডিয়া 1 চেনেলৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে য’ত স্পষ্টভাৱে উল্লেখ কৰিছে যে স্বতন্ত্ৰ সংবাদ মাধ্যম এখন সুস্থ গণতন্ত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ,কিয়নো সংবাদ মাধ্যমেহে ক্ষমতাৰ সত্য দেখুৱাই ৰাইজৰ হৈ নিয়ন্ত্ৰিত কৰে। উচ্চতম ন্যায়ালয়ে মতামত প্ৰকাশ কৰিছে যে চৰকাৰৰ নীতিক সমালোচনা কৰাটো সংবাদ মাধ্যমৰ মূল অধিকাৰ আৰু ই কোনো ধৰণে উলঙ্ঘন হ’ব নোৱাৰে। এই ঘটনাৰ পৰা স্পষ্ট যে আৰক্ষী বিষয়া সকলৰ কোনো স্বতন্ত্ৰতা নাই আৰু তেওঁলোক ৰাজনীতিবিদৰ আগত শৰণাপন্ন। আৰক্ষী কেৱল ৰাজনীতিবিদৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে৷
