জ্বালামুখী – আয়নাল হক

PC - Adobe Stock
জ্বালামুখী
আয়নাল হক, ধুবুৰী 
প্ৰথম দৃষ্টি…
দৃষ্টিৰ বিনিময়ত দৃষ্টি !
লাহে লাহে হাঁহি
সলাজ হাঁহিৰ ভাঁজে ভাঁজে
অস্ফুট গুঞ্জন !
পাৰ হয় সময়
এদেও দুদেও কৈ…!
কঁপা কঁপা ওঁঠত
শব্দই পোখা মেলে ক্ৰমান্বয়ে।
চুটি চুটি শব্দবোৰত
অলেখ উন্মাদনা  !
গদ্ গদ্ কণ্ঠেৰে
এদিন প্ৰকাশ হয়
মৰমৰ ভাষা…
নাম যাৰ ভালপোৱা।
হৃদয়ত উদ্গীৰণ হয়
প্ৰেমৰ প্ৰচণ্ড উত্তপ্ত লাভা !
বন্ধ নহয় আৱেগৰ জ্বালামুখী,
অভিনৱ অনুভৱৰ আৱেশত
পূৰ্ণ হয় মনৰ বাকৰি !
নিতৌ নতুন স্পৃহাই
জাগ্ৰত কৰে সমস্ত সত্তা।
কি যে অনন্য সুবাস
প্ৰেমৰ…ভালপোৱাৰ…!
নামবিহীন অনুকম্পাত
বুকুৰ ভিতৰত হেঁপাহৰ জোৱাৰ–
অপ্ৰতিৰোধ্য…অনিৰুদ্ধ…।