জ্ঞান সাগৰ ড৹ নগেন শইকীয়াক ‘শান্তি দূত’ বঁটা প্ৰদান

জ্ঞান সাগৰ ড৹ নগেন শইকীয়াক ‘শান্তি দূত’ বঁটা প্ৰদান

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অন্যতম আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিশু সাংস্কৃতিক অনুষ্ঠান ‘মৌচাক’ৰ ৫৫ সংখ্যক জন্ম জয়ন্তী স্থানীয় বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টিস্থিত হোটেল “ৰাজ পেলেচ”ত তিনিদিনীয়া কাৰ্য্যসূচীৰে উলহ মালহৰে পালন কৰা হয়। ১৯৬৯ চনৰ ২৪ জুন তাৰিখে ডিব্ৰুগড়ৰে নাট্যকাৰ, লেখক, পৰিচালক, সাংস্কৃতিক কৰ্ম্মী সঞ্জীৱ বৰদলৈৰ ঐকান্তিক প্ৰচেষ্টাত ‘মৌচাক’ প্ৰতিষ্ঠিত হৈছিল। এই জন্মজয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি এক শান্তি সন্মিলনৰ আয়োজন কৰা হয় য’ত সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চল্লিছ গৰাকী ইউনেস্ক’ সংঘৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। লগতে মৌচাকৰ জন্ম লগ্নৰে পৰা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা গীত-নৃত্য, নাট-বাদ্য প্ৰতিযোগিতাত যোগদান কৰি অসম তথা উত্তৰ পূৱ ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰায় পয়ত্ৰিশ জন শিল্পীক ‘মৌচাক ৰত্ন’ বঁটা আৰু বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াক ‘জ্ঞান সাগৰ’ উপাধিৰে সম্বোধন কৰি ‘শান্তি দূত ‘ বঁটা প্ৰদান কৰা হয়। লগতে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক হীৰেন গোহাঁই আৰু প্ৰশান্ত বৰদলৈ, অভিনেতা বিষ্ণু খাৰঘৰীয়াকে আদি কৰি আঠ চল্লিশ গৰাকী লোককো ‘শান্তি দূত’ বঁটা প্ৰদান কৰা হয়।