জ্ঞান সাগৰ একাডেমীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন
বুলমণি বৰি, লখিমপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- আজন্ম শিল্পী সৈনিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৰণত পহুমৰা আঞ্চলিক মহিলা সমাজৰ উদ্যোগত আৰু জ্ঞান সাগৰ একাডেমীৰ সহযোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যার্পন তথা বন্তি প্ৰজ্বলন কৰে জ্ঞান সাগৰ একাডেমীৰ প্ৰধান শিক্ষক উপেন দাসে। পৰৱৰ্তী কাৰ্যসূচীত পহুমৰা শাখা সাহিত্য সভাৰ সভাপতি পূৰ্ণানন্দ চুতীয়াৰ সভাপতিত্বত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ আঁত ধৰে বিষ্ণুপ্ৰিয়া গোহাঁয়ে। নিদিষ্ট বক্তা হিচাপে পহুমৰা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দীপক বৰদলৈয়ে বিষ্ণুৰাভাৰ অভিনয় আৰু কলাত্মক জীৱনৰ ভিন্নমুখী দিশসমূহ বিস্তৃতভাৱে আলোকপাত কৰে। তেখেতে কয় যে বিষ্ণুপ্ৰসাদ ৰাভা আছিল অনন্য প্ৰতিভাধৰ, বৈচিত্ৰময় ব্যক্তিত্বৰ গৰাকী।ৰাভাদেৱৰ জ্ঞানগভীৰ সৃষ্টিৰাজিত নিহত হৈ আছে অসমীয়া জাতি গঠনৰ অমোঘ মন্ত্ৰ। অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰি দুখীয়াৰ দুখৰ সমভাগী হৈ জাতীয় সংস্কৃতি কৃষ্টিৰ মণি মুকুতা বুটলি সমগ্ৰ সমাজখনকে নখদৰ্পনত ৰাখিছিল। তেখেত আছিল জীৱন্ত কিংবদন্তি। চৰকাৰ যন্ত্ৰৰ চকুৰ কুটা দাঁতৰ শূল আৰু ৰাইজৰ নয়নৰ মণি। অসমীয়াৰ শিপা বিচ্ছিন্ন নহবলৈ বিষ্ণু ৰাভাৰ আভাক আমি সমাজ জীৱনৰ পৰা কোনো কাৰণতে বিচ্ছূৰিত হ’বলৈ দিব নালাগিব। অনুষ্ঠানত লখিমপুৰ সংগীত মহাবিদ্যালয়ৰ কণ্ঠ সংগীতৰ শিক্ষয়িত্ৰী জিলমিল বৰাই ৰাভা সঙ্গীত পৰিৱেশন কৰে। বুলমণি বৰিয়ে বিষ্ণু ৰাভা শিৰোনামেৰে এটি স্বৰচিত কবিতা পাঠ কৰে আৰু বিষ্ণুপ্ৰিয়া গোহাঁয়ে ৰাভাদেৱৰ সৃষ্টিৰ এটি কবিতা আবৃত্তি কৰাৰ লগতে জ্ঞান সাগৰ একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলে গীত নৃত্য প্ৰদৰ্শন আৰু কবিতা আবৃত্তি কৰে। অনুষ্ঠানত ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা মুঠ ৫ গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনায়। অনুষ্ঠানৰ সামৰণিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কৰ্মৰাজীক স্মৰণ কৰি প্ৰধান শিক্ষক উপেন দাসে নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকলক কলাগুৰুৰ সৃষ্টি হৃদয়ঙ্গম কৰি চৰ্চা কৰিবলৈ আহ্বান জনায়। এনেদৰে পহুমৰা আঞ্চলিক মহিলা সমাজ ও জ্ঞান সাগৰ একাডেমীৰ আয়োজক সমিতিৰ হৈ সভানেত্ৰী ৰিজুমণি নেওগ আৰু সম্পাদীকা সীমা বৰা মজুমদাৰৰ সবল নেতৃত্বত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপনৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে।