জ্ঞান বৰ্ধন দিশবোৰৰ প্ৰয়োজনীয়তা – চন্দ্ৰ শেখৰ পৰাজুলী

PC - call centre helper
জ্ঞান বৰ্ধন দিশবোৰৰ প্ৰয়োজনীয়তা
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি 
বৰ্তমান সময়ত সময়ৰ পৰিৱৰ্তনৰ লগে লগে উঠি অহা নৱপ্ৰজন্মৰ লগতে সমাজ এখনত বসবাস কৰি থকা জ্যেষ্ঠ লোকসকলৰো সচৰাচৰ মানসিক স্থিতি বহু পৰিমাণে পৰিবৰ্তন হোৱা দেখা গৈছে। আৰু সমাজ এখনত ইয়াৰ প্ৰভাৱ সমূহ কিছু প্ৰাসংগিকতা হ’লেও বেছিভাগে ক্ষেত্ৰতে ইয়াৰ বেয়া প্ৰভাৱে পৰা পৰিলক্ষিত হৈছে নহয়নে?। কাৰণ আজিকালি মানুহে জ্ঞান বৰ্ধন সামাজিক কাৰ্যকলাপৰ লগত জড়িত থকাতকৈ অন্যান্য অলাগতীয়াল কামতহে লিপ্ত থকা দেখিবলৈ পোৱা যায়। ইয়াৰ ফলস্বৰূপে বৰ্তমান প্ৰায় প্ৰত্যেক মানুহৰে মানসিক ব্যাঘাত উৎপন্ন হোৱা দেখা গৈছে। এতিয়া মানুহে যোগাত্মক বিষয় বস্তু চিন্তা-চৰ্চা কৰাতকৈ নাকাৰাত্মক বিষয় বস্তুবোৰকে বেছিকৈ প্ৰাধান্য দিয়া দেখা যায়। এই ক্ষেত্ৰত এতিয়া ইন্টাৰনেট, মোবাইল ফোন, কম্পিউটাৰ, দূৰদৰ্শন আদিৰ প্ৰভাৱবোৰ অতিকৈ উল্লেখনীয় বুলি কব পাৰি। আচলতে আমাৰ মাজত আধুনিক সা-সৰঞ্জামবোৰ বহু সহজতে আৰু বহু কম মূল্যতে উপলব্ধ হৈছে। কিন্তু এই আধুনিক সা-সৰঞ্জামবোৰ প্ৰয়োগ কৰাত কতো এক বিশেষ ভাৱে প্ৰশিক্ষণ বা সতৰ্কবাণী প্ৰদান কৰা হোৱা নাই। সেয়েহে ব্যক্তি বিশেষে ইয়াক যোনে যেনেকৈ পাইছে বা যোনে যেনেকৈ জানিলে তেনেকৈয়ে প্ৰয়োগ আৰু পৰীক্ষণত লাগি গৈছে। আপোনালোকে নিজেই কথা এটা চিন্তা কৰক আজিকালি প্ৰতিটো মোবাইল, দূৰদৰ্শনত ধনাত্বক দিশৰ বাতৰি প্ৰচাৰ কৰাতকৈ নাকাৰাত্মক বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত বেছি প্ৰধান্য দিয়া দেখা যায়। আৰু দিনক দিনে আমি অলাগতীয়াল দিশবোৰতে নিজকে আত্মনিয়োগ কৰাত বেছিকৈ প্ৰাধান্য প্ৰদান কৰিছোঁ নহয়নে ?। এতিয়া আমাৰ মানসিক স্থিতি ইমানেই নিম্নমানৰ হৈ পৰিছে যে,আমি সকলোৱে জ্ঞান বৰ্ধন দিশবোৰৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে অনুভৱ বা উপলদ্ধি কৰিবলৈ সক্ষম তথাপিও আমি নিজকে নাকাৰাত্মক দিশলৈ আগুৱাই লৈ যাবলৈ অকনো কুন্ঠাবোধ নকৰোঁ। অৰ্থাৎ আমাৰ আন্তৰিক আত্মায়ে সত্যতা স্বীকাৰ কৰে কিন্তু আমি নিজে মানসিক ভাবে সত্যতা স্বীকাৰ কৰিবলৈ বাধা উৎপন্ন কৰি আহিছোঁ। আমি সকলোৱে আজি যদি জ্ঞান বৰ্ধন দিশবোৰৰ প্ৰয়োজনীয়তা আছে বুলি স্বীকাৰ কৰোঁ তেন্তে এনে দিশবোৰক লৈ আমি কিমান সজাগতাৰ সৃষ্টি কৰি আহিছোঁ নিজ দেশত ,নিজ নিজ সমাজত। চাওঁক কিছুমান বস্তৰ আমি সাধাৰণ জনসাধাৰণে প্ৰয়োজনীয়তা বাৰুকৈয়ে উপলব্ধি কৰাত সক্ষম। কিন্তু এনে দিনবোৰক লৈ আমি আংশিকভাৱে বা একেবাৰে সামান্য ৰূপতহে পৰিবৰ্তন আনিবলৈ সক্ষম হ’ম । সেয়েহে আমাৰ শাসনৰ নেতৃত্বত থকা নেতাসকল লগতে সমাজৰ ক্ষমতাসম্পন্ন আৰু প্ৰভাৱশালী লোক সকলোলৈ অনুৰোধ কৰিছোঁ যে, জ্ঞান বৰ্ধন দিনবোৰক আমাৰ দেশত বা প্ৰত্যেক সমাজতে অধিক প্ৰাধান্য প্ৰদানৰ ব্যৱস্থা কৰি দিয়ক।বৰ্তমান সময়ত আমাৰ হাতে হাতে লৈ ফুৰা মোবাইল,দূৰদৰ্শনত, বাতৰি কাকত, আলোচনী আদি অন্যান্য মাধ্যমৰ জৰিয়তে সম্প্ৰচাৰ হোৱা অলাগতীয়াল বিষয় বস্তুবোৰ প্ৰচাৰৰ ক্ষেত্ৰত কিছু প্ৰতিবন্ধকতা আৰু আনহাতে আমৰ শিশুৰ পৰা আদি সকলো শ্ৰেণীৰ লোকসকলৰ উপযোগী জ্ঞান বৰ্ধন দিনবোৰৰ সম্প্ৰচাৰ কৰাত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে। নহ’লে এসময়ত গৈ গৈ আমৰ সমাজ একেবাৰে উলংগ হৈ পৰিব আৰু আমি সময় উকলি যোৱাৰ পিছত শৰীৰ ৰূপী উলংগ সমাজক ঢাকিবলৈ হয়তো হাতে হাতে কাপোৰ লৈ সকলোৱে ওলাম কিন্তু তেতিয়া আমাৰ হাতত থকা কাপোবোৰৰ পৰিমাণ বহুত কম হৈ পৰিব ।