জ্ঞান পদপথত, বিলাসিতা শ্ব’ৰুমত : আধুনিকতাৰ এহেজাৰ বিকৃতি – কুণ্ডিল হাজৰিকা

Pc The Daily Economy

জ্ঞান পদপথত, বিলাসিতা শ্ব’ৰুমত : আধুনিকতাৰ এহেজাৰ বিকৃতি

কুণ্ডিল হাজৰিকা
যোৰহাট, টীয়ক

বৰ্তমান সময়ক শাস্ত্ৰীয় দৃষ্টিত ‘কলিযুগ’ বুলি অভিহিত কৰা হয়, য’ত মানৱীয় মূল্যবোধৰ দ্ৰুত অৱক্ষয় ঘটাৰ কথা উল্লেখ আছে। আমাৰ চৌপাশৰ সমাজখনলৈ দকৈ চালে দেখা যায় যে আমি অৰ্থনৈতিক আৰু প্ৰযুক্তিগতভাৱে যিমান আগবাঢ়িছোঁ, মানসিক আৰু নৈতিকভাৱে সিমানেই যেন পিছুৱাই গৈছোঁ। আজিৰ সমাজত এনে কিছুমান বিপৰীতমুখী দৃশ্য প্ৰতিদিনেই প্ৰকট হৈ পৰিছে, যিবোৰে আমাৰ সভ্যতাৰ ভয়াৱহ স্বৰূপটোহে উদঙাই দিয়ে।

আজিৰ দিনত আমি দেখা পাওঁ যে যি জ্ঞানৰ আধাৰত সমাজ এখন গঢ় লৈ উঠে, সেই অমূল্য সম্পদ কিতাপবোৰ আজি পদপথৰ ধূলি-বালিৰ মাজত বিক্ৰী হয়। আনহাতে, বিলাসিতাৰ প্ৰতীক হিচাপে গণ্য কৰা দামী জোতাযোৰ আমি খুব সযতনে কাঁচৰ শ্ব’ৰুমৰ ভিতৰত সজাই থওঁ। ইয়াৰ পৰাই প্ৰমাণ হয় যে আধুনিক সমাজত বৌদ্ধিক বিকাশৰ তুলনাত বাহ্যিক আড়ম্বৰৰ গুৰুত্ব কিমান বেছি। কেৱল কিতাপৰ ক্ষেত্ৰতে নহয়, আমাৰ খাদ্যভাস আৰু অভ্যাসৰ ক্ষেত্ৰতো এক অদ্ভুত বিকৃতি লক্ষ্য কৰা যায়। সমাজত বিষ বিয়পোৱা নিচাযুক্ত দ্ৰব্য যেনে মদ আদি কিনিবলৈ মানুহে নগদ ধনৰ মোনা খুলি দিয়ে, অথচ শৰীৰৰ বাবে উপকাৰী আৰু পুষ্টিকৰ গাখীৰখিনি লওঁতে সদায় বাকী বিচাৰি দৰদাম কৰে। যিটো বস্তুৱে সমাজক ধ্বংসৰ পিনে লৈ যায় তাৰ বাবে আমাৰ হাতত পৰ্যাপ্ত ধন থাকে, কিন্তু যিটোৱে আমাক জীৱন শক্তি দিয়ে, তাৰ ক্ষেত্ৰত আমি সদায় কৃপণালি কৰোঁ।

পশু প্ৰেমৰ নামতো আজি এক ধৰণৰ প্ৰদৰ্শনকামিতা চলিছে। আমি ঘৰৰ ভিতৰত দামী কুকুৰ পুহি তাক বিচনাত ঠাই দিওঁ, কিন্তু যি গৰুক আমি গো-মাতা বুলি ভক্তি কৰোঁ, সেই গৰু আজি ৰাজপথৰ আৱৰ্জনাৰ মাজত খাদ্য বিচাৰি ফুৰিবলগীয়া অৱস্থা হৈছে। মানুহৰ অসচেতনতাৰ বাবে আৱৰ্জনাৰ দ’মত মিহলি হৈ থকা বিষাক্ত প্লাষ্টিকৰ বেগ আদি অনিচ্ছাসত্বেও খাদ্যৰ সৈতে গিলি পেলাই অকালতে মৃত্যুমুখত পৰিবলগীয়া হৈছে। ই আমাৰ পশুপ্ৰেম নে একপ্ৰকাৰৰ আধুনিক বিলাসিতা, সেয়া এক ডাঙৰ প্ৰশ্ন। কিন্তু এই সকলোবোৰতকৈও ভয়ংকৰ আৰু বেদনাদায়ক দৃশ্যটো হ’ল আমাৰ পাৰিবাৰিক সম্পৰ্কৰ ফাট। আজিৰ বহু ল’ৰা-ছোৱালীয়ে বিদেশত উচ্চশিক্ষা গ্ৰহণ কৰি সফলতাৰ শিখৰত আৰোহণ কৰিছে সঁচা, কিন্তু যি পিতৃ-মাতৃয়ে নিজৰ সকলো সুখ বিসৰ্জন দি সন্তানক মানুহ কৰিলে, সেই পিতৃ-মাতৃৰ শেষ বয়সৰ ঠিকনা হৈছে ‘বৃদ্ধাশ্ৰম’। উচ্চশিক্ষাই যদি নিজৰ জন্মদাতাক সন্মান কৰিবলৈ নিশিকায়, তেন্তে সেই শিক্ষাৰ কোনো সাৰ্থকতা নাই।

এই বৈপৰীত্যবোৰেই আজিৰ সমাজৰ এক নিৰ্মম বাস্তৱ। আমি যিমানেই শিক্ষিত বা চহকী নহওঁ কিয়, যদিহে আমাৰ মাজত মানৱীয়তা আৰু সঠিক মূল্যবোধ নাথাকে, তেন্তে সমাজৰ এই অৱক্ষয় ৰোধ কৰা অসম্ভৱ। সময় থাকোতেই যদি আমি নিজৰ মানসিকতা সলনি নকৰোঁ, তেন্তে আমাৰ ভৱিষ্যৎ প্ৰজন্ম এক গভীৰ অন্ধকাৰৰ ফালে গতি কৰিব।