জ্ঞানদ্বীপ হাজৰিকালৈ USTMৰ চাকৰি

জ্ঞানদ্বীপ হাজৰিকালৈ USTMৰ চাকৰি

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ৰাজপথত আৰক্ষীয়ে প্ৰহাৰ কৰা জ্ঞানদ্বীপ হাজৰিকালৈ USTM ৰ চাকৰি। ডেলিভাৰী বয় হিচাপে কৰ্মৰত যুৱকজনক  ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকনলজি, মেঘালয় কৰ্তৃপক্ষই দিছে নতুন কামৰ সন্ধান।  উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২৫নৱেম্বৰত ইউ এছ টি এমৰ অধ্যক্ষক সাক্ষাত কৰিছিল জ্ঞানদ্বীপে। তাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ৰাজহুৱা কৰিছে ইউ এছ টি এমে।  কিছুদিনৰ পূৰ্বে ফাঁচীবজাৰত এগৰাকী আৰক্ষী বিষয়াই লঘু দোষতে অতিপাত প্ৰহাৰ কৰিছিল জ্ঞানদ্বীপক। এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি জ্ঞানদ্বীপৰ সপক্ষে সৃষ্টি হৈছিল এক জোঁৱাৰ। ঘটনাৰ গভীৰতা উমান পাই আৰক্ষী সঞ্চালক প্ৰধানে ততালিকে চাকৰিৰ পৰা নিলম্বন কৰি বিভাগীয় তদন্তৰ ঘোষণা কৰিছিল আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে। জ্ঞানদ্বীপৰ এই নতুন চাকৰিয়ে মেধাৱী ছাত্ৰগৰাকীৰ জীৱনলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙনি।  সকলো ঠিকে ঠাকে থাকিলে অচিৰেই ইউ এছ টি এমত নতুন চাকৰিত যোগদান কৰিব জ্ঞানদ্বীপে। এই সন্দৰ্ভত জ্ঞানদ্বীপ হাজৰিকাই কয় যে, মোৰ বাবে এয়া ভাল খবৰ। বিগত সময়চোৱাত মই বহু কষ্টৰ সন্মুখীন হৈছিলো। তেওঁ যি পদক্ষেপ ল’লে তাক লৈ মই বহুত সুখী। জ্ঞানদ্বীপে লগতে কয় যে, এই পদক্ষেপৰ বাবে মাহবুবুল হক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ বহুত মৰমিয়াল। তেওঁ মোক মাতি নি গামোচা পিন্ধাইছে আৰু সাহস, আশীৰ্বাদ দিছে। ইয়াৰ লগতে জ্ঞানদ্বীপৰ বেয়া সময়ত তেওঁৰ হৈ থিয় দিয়া প্ৰতিগৰাকী বন্ধু আৰু সমূহ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে।