জোন মৰা তিথি – চবিন চন্দ্ৰ নাথ

Pc- Depositphotos

জোন মৰা তিথি

চবিন চন্দ্ৰ নাথ ,মৈৰাপুৰ, ৰাণী, কামৰূপ

দয়াহীন এটা দিনে
মোৰ হৃদয়ত
বহু আঘাতেৰে
পৰাস্ত কৰা
জোন মৰা তিথিৰ
পতাকা উৰালে।

মোৰ সুস্থ মস্তিষ্কই
ঠিক তেতিয়াই
নায়কৰ ৰূপত ঠিয় হৈ
মুৰ ডাঙি জীয়াই থাকিবলৈ
কলা কৌশল শিকালে।

আৰু ম‌ই বুজিলো
নিৰ্মম সময় আৰু সবল চিন্তাৰ
মাজত দুৰ্ভেদ্যৰ বেৰ থাকে।