জোনাক বৰণীয়া সাগৰখন
সংগীতা ডেকা , ৰঙিয়া
শেষ পৰশ আছিল সেয়া
হেঙুলীয়া প্ৰান্তত ৰঙা পাহিবোৰ এৰি অহাৰ
ক্ষীপ্ৰ সময়ৰ বোকোচাত উঠি
দুচকুৱে টোপ টোপ কাহিনী আঁকি গৈছিল
ভিতৰে ভিতৰে “কাগজীয়” পথত….
আৰু বাহিৰৰ পৃথিৱীত , উহ্য সেয়া
আক্ষেপৰ থল নাই , অভিমানৰ অৱকাশ নাই
কি আছিল তেনেহ’লে ?
এমুঠি হুমুনিয়াহ , নে এআকাশ “সন্ধ্যাৱৰণ” ?
দেখিছিলোঁ , বাস্তৱৰ শেতেলীত
আলসুৱা আৱেগে লাহে লাহে ,
ওৰণি জপাবলৈ আগুৱাই যোৱা “ডাৱৰাৱৰণ”ক
কিন্তু , অনুভৱে জানো সহজে শুই পৰে ?
নাজানোঁ…..!
হৃদয়খন সাক্ষী হৈ পৰিছিল একোণত ,
যে জোনাক বৰণীয়া সাগৰখন এতিয়া বহু নিলগত
আৰু দুহাতত এক স্মৃতিৰ ফ্ৰেম
জীৱনযোৰা , জীৱনযোৰা , জীৱনযোৰা !