জোনাক বিচাৰি – অৰ্ণৱ কটকী

জোনাক বিচাৰি

অৰ্ণৱ কটকী
জাঁজী ,যোৰহাট 

জোনাক নিশাটো আন্ধাৰ সাৱটি
ৰৈ আছোঁ আজিও, মানৱতা হীন দেহৰ চিতা জ্বলাই
অৱহেলিত হোৱা সমাজৰ কোনো দুৰ্ভগীয়াৰ বিননি শুনি
প্ৰকৃতিৰো দুঃখ তাৰেই এনে সমাজ দেখি ।
দেখিছোঁ সেই লোটকৰ লুণীয়া ,পি পাইছোঁ উদৰ পূৰাই
বাৰে বাৰে চিঞৰি‌ উঠা বুকু ভঙা কান্দোন
চিৰ পূজ্য জননীৰ আজি ৰুক্ষ বুকু যেন মৰু,
পোহৰ হব বুলি অমানিশা আঁকোৱালি
ভেঙুচালি বিদ্ৰুপ আজি মানৱতা বিৰোধী শক্তিৰ ।
আছে নে বাকী আৰু !সমিধান বিচাৰি খাওঁ হাবাথুৰি
দুখৰ পৰিত্ৰাণ নাইবা ন্যায়
কৰিব নে লাভ সেই অৱহেলিত কোনো দুৰ্ভগীয়াই।
চেচুকীয়া চোতালখনত নপৰা হ’ল উদিত আভা
কিম্বা জ্বলিছে নে জোনাকৰ শলিতা দুৰ্ভগীয়াৰ ঘৰে
কথা বিলাক আজি কিবা বেবেৰিবাং, সমাজ আজি থানবান !
আধুনিক হ’ব খুজি অত্যাধুনিকতাক সাৱটি
মানৱতা আজি মাথোঁ ওঁঠত সনা বৰহমথুৰি
জি উঠক মানৱতা পুনৰ সমাজৰ সম্পদ ৰূপে।
আন্ধাৰ হৈ নাহক জোনাক নিশাটো
বিশাল আকাশৰ উদাৰতা মানৱতাৰ উবুৰিয়াই দিয়া মানৱৰ প্ৰাণে।।