জোনাক নামিছিল কবিতা হৈ – আয়নাল হক

PC - Freepik
জোনাক নামিছিল কবিতা হৈ
আয়নাল হক, ধুবুৰী
গছৰ পাতত স্বপ্ন সৰিছে
এটোপ দুটোপ কৈ… !
শ্বেতা হাস্নাহানাই বোৱাইছে
মধুৰ সুবাসী নৈ… !
নীলিমাৰ বুকু শুৱনি কৰি
জিক্ মিক্ তৰাবোৰে আছে চকু টিপিয়াই।
ঝংকিৰ বাঁহীৰ সুৰে
পানেইক মাতে ৰিঙিয়াই…।
আন্ধাৰৰ বাট কাটি
একলা দুকলাকৈ বাঢ়ি আহিছিল জোন,
মায়াময় ৰাতিৰ প্ৰেমত
শুকুলা কুঁৱলীয়ে বিলাইছে
আলসুৱা কপাহী মৰম…!
জীপ লৈ উঠা কেঁচা অনুভৱে
বুকুত তুলিছিল অবুজ শিহৰণ !
তুমি অহাৰ বাটত
উজাগৰে আছিল শীতৰ শেতেলি,
হৃদয়ত অনুৰাগৰ মদিৰা ঢালি
নাৰিকলগছৰ লিহিৰি ফাঁকেৰে
জোনাক নামিছিল কবিতা হৈ… !
পূৰ্ণ হৈছিল বুকুৰ গোপন কুঠৰি
অদূৰত নিয়তিৰ প্ৰথম প্ৰহৰৰ কুৰুলি…।