জোনাক গলা ৰাতি স্বপ্ন এটিৰ ইকাটি সিকাটি
*********
মৃগাংক বৰুৱা
(১)
হেল্ল’….হেল্ল’….
কাৰ কণ্ঠৰ কঁপনি
মোৰ ম’বাইলত মিঠা সুৰ হৈ বাজি ৰয়
নীলাভ স্বপ্ন এটিৰে বুকুৰ পথত
এয়া কোন আগুৱায়
অনামি সুৰ এটিও আহে বাটকুৰি বাই
তোমাৰেই মায়াময় শব্দৰ ছাঁত
স্বপ্নটি দেখোন জীৰাব খোযেই
সিঁচি দিবা নিকি মুঠি মুঠি ৰং তাত
নালাগে দিয়া—
আকাশেই দিব নীলাভ এমুঠি ৰং
জোনাকিয়ে কৰিব উত্তাল মন
টোপ টোপ জোনাক সৰিলেই
তুমি তুমি হৈ নাথাকিবা
আৰু মই মই হৈ নথাকিম
হৃদয়ে হৃদয় গলাব ৰূপালী জোনটি গলি গলি
পবিত্ৰ প্ৰাৰ্থনা এটাৰ ভংগীত ৰ’ব
আমাৰ অথিৰ আঙুলি….
(2)
এনেকৈয়ে এদিন—-
মোৰ পৰ্ণকুটিৰলৈ আহিবা
গভীৰ দুচকুৰে মুখখনি তোমাৰ
চাকিৰ শিখাটিত উজ্জ্বলিব
সপোন দেখিবলৈ একোতো কাৰন নালাগে
যেনেকৈ এৰাতি আন্ধাৰৰ বাবে
এচাকিহে মাত্ৰ পোহৰ লাগে….