জোনাক উপচি পৰে
‘ নমস্কাৰ, সন্ধিয়াৰ বাতৰি লৈ ষ্টুডিঅত মই ‘ৰশ্মিতা গোস্বামী ‘, আজিৰ মূখ্য বাতৰি সমূহ হৈছে….
: আহ দেউতা নামাৰিবা, দুখ পাইছোঁ । দেউতা প্লীজ । নামাৰিবা ।
: চুপ গাধী , মই তোক কৈছিলোঁ নে দোকানৰ পৰা উভতি আহি পঢ়া টেবুলত দেখিব লাগিব । কৈছিলোঁ নে নাই ? ক’ ? তেন্তে কিয়…? খঙত একো নাই হৈ ঝৰ্ণাক দেউতাকে গৰু পিটন দিবলৈ ধৰিলে । উপায়হীন ছোৱালীজনী অসহনীয় যন্ত্ৰণাত কেঁকাই উঠিল—
: দেউতা, আৰু নামাৰিবা । বৰ দুখ পাইছোঁ ।
: দুখ পাবলৈয়ে মাৰিছোঁ । আৰু মাৰিম । মোৰ কথা কিয় অমান্য কৰিছিলি ? বাপেৰক চিনি পোৱা নাই হা ?
এইবাৰ আৰু জোৰেৰে কোবাবলৈ ধৰিলে ।
: হেই, কি কৰিছে ! কি কৰিছে ! নিজৰ কিশোৰী জীয়েকজনীকনো এনেকৈ কোনোবাই মাৰেনে ? চাওকচোন তেজ ওলাই আহিছে ! মাকে উধাতু খাই দৌৰি আহি ক’লে ।
ঝৰ্ণাৰ হাতত, পিঠিত, কৰঙনত তেজ বিৰিঙি উঠিছে । দেউতাকে খন্তেক সময় তভক মাৰি মাক জীয়েকলৈ চাই এছাৰিডাল লৈ বাহিৰলৈ ওলাই গ’ল ।
নৱম শ্ৰেণীৰ ছাত্ৰী ঝৰ্ণা । ‘ঝৰ্ণা শিৱাংগী ।’ অতি মেধাৱী ঝৰ্ণাক লৈ দেউতাকৰ আকাশলংঘী সপোন । ভালদৰে পঢ়া-শুনা কৰি তাই চিকিৎসক হওক, অভিযন্তা, বৈজ্ঞানিক কিম্বা প্ৰশাসনিক বিষয়া হওক । ঘৰখনৰ লগতে সমস্ত অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনক । ভৱিষ্যতে যাতে পিতৃ হিচাপে তেওঁ মানুহৰ সম্মুখত বুকু ফিন্দাই কথা ক’ব পাৰে । ঘৰত থকা সময়খিনিত ঝৰ্ণাৰ ওপৰত চোকা নজৰ ৰাখে । তেওঁ নিজৰ সপোন পূৰণ কৰিবলৈ ঝৰ্ণাক কঠোৰতকৈয়ো কঠোৰতম অনুশীলন কৰিবলৈ বাধ্য কৰে।
আবেলি স্কুলৰ পৰা উভতি অহাৰ পিছত ঝৰ্ণাৰ কাম হ’ল ভাত-পানী খাই অকণমান জিৰণি লৈ পঢ়া টেবুলত বহা । একেৰাহে ৰাতি দহ বজালৈকে তাই অধ্যয়ন কৰিবই লাগিব । বাধ্যতামূলক । স্কুলৰ পৰা আহি ঘৰ সোমোৱাৰ পিছত আৰু ক’লৈকো ওলাব নোৱাৰে তাই । কাৰণ তাই পিতৃৰ সপোনক বাস্তৱৰ ৰূপ দিব লাগিব । তাৰবাবে তাইৰ কাম মাথোঁ পঢ়া আৰু পঢ়া । অন্য ল’ৰা-ছোৱালীৰ দৰে সাধাৰণ নহয় তাইৰ জীৱনটো ।
কিন্তু ঝৰ্ণাৰ সপোন…?
ঝৰ্ণাৰ মনতো গোপনে সাৰে থাকে এটা বৰ ধুনীয়া সপোন । সেই সপোনে তাইৰ মনত নৱ উদ্যম জগাই তোলে । সকলো বাধা ভাঙি পাৰ হৈ আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে । সন্ধিয়া দেউতাক ঘৰত নাথাকিলে মাকৰ চাদৰ এখনকে গাত মেৰিয়াই লৈ আনটো কোঠাত থকা ড্ৰেছিং টেবুলৰ আইনাখনত নিজকে চাই চাই আপোনমনে গুণগুণাই উঠে— ‘ নমস্কাৰ সন্ধিয়াৰ বাতৰি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ মই ঝৰ্ণা শিৱাংগী । আজিৰ মূখ্য বাতৰিত আছে…. তাৰপিছত তাই উক্ত দিনাৰ বাতৰি কাকতখন হাতত লৈ সলসলীয়াকৈ পঢ়ি যায় ইটোৰ পিছত সিটো বাতৰি ।মাতটোও বৰ শুৱলা তাইৰ । শুনিলে শুনিয়েই থাকিবলৈ মন যায় ।
এনেকৈয়ে মাজে-সময়ে তাই হেঁপাহেৰে বাতৰি পঢ়ুৱৈ হয় । হিন্দী আৰু ইংৰাজীতো পঢ়ে । স্কুলৰ পৰা উভতি আহোঁতে তাই দোকানৰ পৰা পুৰণি হিন্দী, ইংৰাজী বাতৰিকাকত দুই এখন লৈ আহে, তাকেই তাই ‘NDTV’ বাতৰি চেনেলৰ বাতৰি পঢ়ুৱৈ ‘নিধি ৰাজডান’, ‘আজট’ক’ চেনেলৰ ‘অঞ্জনা ওম কাশ্যপ’, নিউজ লাইভ চেনেলৰ ‘ ছায়া মণি ভূঞা’, ‘নিতুমণি শইকীয়া’ৰ দৰেই পঢ়িবলৈ প্ৰয়াস কৰে ।
এনেদৰেই পঢ়ুৱৈ হৈ, ঘোষিকা হৈ তাই মনত অনিৰ্বচনীয় আনন্দ লাভ কৰে । তাইৰ এনে কাণ্ডবোৰত মাকেও সন্তুষ্টি লাভ কৰে ।
কিন্তু দেউতাকৰ সমস্যা এইখিনিতে ।
: তই কিয় এংকৰিংৰ আখৰা কৰিছ ? নহ’ব ! নহ’ব !
ডাক্তৰ হ’ব লাগিব তই । প্ৰশাসনিক বিষয়া হ’ব লাগিব । মই ব্যৱসায়ত দিন-ৰাতি একাকাৰ কৰিছোঁ । কাৰ বাবে ? মই যি কৈছোঁ সেয়া নকৰিলে মৰিয়াই মৰিয়াই শেষ কৰি পেলাম, কৈ দিছোঁ । চিনি পোৱা নাই বাপেকক, হুহ ।
যিদিনাই দেউতাকে ঝৰ্ণাক আইনাৰ সমুখত তেনে ৰূপত ধৰা পেলাই সিদিনাই খঙত বাঘৰ দৰে গৰজি উঠে । এছাৰিৰে কোবাই কোবাই আধামৰা কৰে ।
পাৰ হৈ গ’ল দিন, মাহ বছৰৰ পিছত বছৰ ।
ঝৰ্ণা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পিছত সাজু হৈছে ‘মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম’ত ( গণসংযোগ ) স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ ।
তাই ভগৱানক অশেষ ধন্যবাদ জনাইছিল , কাৰণ তাইৰ মোমায়েক এবছৰ আগৰে পৰা সিহঁতৰ ঘৰত থাকিবলৈ লৈছিল । এটা টিভি চেনেলত মোমায়েকে চাকৰি পোৱাৰে পৰা বায়েকৰ ঘৰতে থাকি নিজৰ দায়িত্বভাগ পালন কৰি আছিল ।
মোমায়েক থাকিবলৈ লোৱাৰে পৰা দেউতাকৰ তাইৰ ওপৰত শাসনৰ বাঘজৰীডাল কিছু ঢিলা হৈছিল । তথাপি দেউতাকৰ চোকা দৃষ্টিত অহৰহ ঝৰ্ণা আৱদ্ধ হৈ থাকিছিল । ভায়েক থাকিবলৈ লোৱাৰে পৰা ঝৰ্ণাৰ মাকেও যথেষ্ট সকাহ পাইছিল— এতিয়া অন্ততঃ ছোৱালীজনীয়ে অলপ হ’লেও মুকলিকৈ উশাহ ল’ব পাৰিব ।
বিজ্ঞান শাখাৰ পৰা হায়াৰ ছেকেণ্ডাৰী চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত ঝৰ্ণাৰ সপোনকে মাক আৰু মোমায়েকে প্ৰাধান্য দিছিল । কত ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ হৈ আহি অৱশেষত আজি দিল্লীৰ কেৰলবাগস্থিত ‘জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়’লৈ পঢ়িবলৈ যাব ওলাইছে ঝৰ্ণা । মনত অযুত সপোন । ভালদৰে পঢ়া-শুনা কৰি পাঁচ বছৰ পিছত এগৰাকী ভাল জাৰ্নেলিষ্ট আৰু তাৰপিছত এংকৰ হিচাপে নিজ দেশৰ গৌৰৱ হ’ব । পঢ়াৰ লগে লগে তাই নিজৰ শৰীৰৰো যত্ন লৈছিল । নিয়মীয়া ওখ শৰীৰ, লাহি কঁকাল পিঠিলৈকে বৈ পৰা একোছা ঘন চুলি, আয়ত চকুযুৰিৰে সপ্ৰতিভ ছোৱালীজনীয়ে নিজৰ সৌন্দৰ্য অটুট ৰাখিবলৈ প্ৰতিদিনে ব্ৰহ্মপুৱাতে উঠি যোগাভ্যাস কৰিছিল । তেল, মছলাবিহীন পৰিমিত খাদ্য, প্ৰচুৰ পৰিমাণে সেউজীয়া শাক-পাচলি, সতেজ ফল-মূল আৰু পানী খাইছিল । মেধাশক্তিৰ লগে লগেই সৌন্দৰ্যৰ সাধনাও অব্যাহত ৰাখিছে তাই । তাইৰ নিজৰ ওপৰত বিশ্বাস— দেউতাকে আজি তাইক মাতবোল কৰিবলৈ এৰি দিছে, এদিন দেউতাকেও সকলো বুজিব, তাইৰ যশ, খ্যাতি দেখি গৰ্ব কৰিব । পুনৰ মৰমেৰে বুকুত আঁকোৱালি ল’ব ।
: মাজনী, আহা আমাৰ পলম হৈছে ।
: গৈছোঁ মা ।
মাকৰ চিঞৰত লৰালৰিকৈ কোঠাৰ পৰা ওলাই আহিল ঝৰ্ণা । তাইক থ’বলৈ মাক আৰু মোমায়েকো যাব ।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ঝৰ্ণাহঁতক লৈ উৰাজাহাজখন উৰা মাৰিব ভাৰতৰ ৰাজধানী দিল্লী অভিমুখে । মনত অপাৰ আনন্দ লৈ ঝৰ্ণা আহি দেউতাকৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে ।
কিন্তু !
দেউতাকে খঙতে গাৰ সৰ্বশক্তিৰে ঝৰ্ণাক ঠেলা মাৰি দিলে ।মুহূৰ্ততে ঝৰ্ণা কৰ্ফাল খাই টাইলছৰ মজিয়াত লুটি খাই পৰিল ! লগে লগে অচেতন হৈ যোৱা ঝৰ্ণাক ভৰ্তি কৰোঁৱা হ’ল ‘আয়ুৰছুন্দ্ৰা চুপাৰ স্পেচিয়েলিটী হস্পিতাল’ত !
তাৰপিছত ? সম্পূৰ্ণ এমাহ পিছত যেতিয়া চিকিৎসকে দুয়োটা চকুৰ পৰা বেণ্ডেজ আঁতৰাই দিছিল তেতিয়া ঝৰ্ণাৰ পৃথিৱীখনক অভাৱনীয়ভাৱে এন্ধাৰে সাৱটি লৈছিল । সেই নিৰ্মম ঘটনাটোত তাই চিৰদিনৰ বাবে হেৰুৱাই পেলাইছিল দৃষ্টিশক্তি !
অহংকাৰী পিতৃৰ খং আৰু অবিবেকী কাৰ্যৰে কাটি পেলোৱা হৈছিল সপোন চুবলৈ উৰিব খোজা ঝৰ্ণাৰ ডেউকা দুখনি ।
ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিল ঝৰ্ণা । নিমিষতে সলনি হ’ল জীৱন যাত্ৰা । সমগ্ৰ জীৱনলৈ দুচকুৰে নামি অহা এন্ধাৰৰ সৈতে অভ্যস্ত হওঁতে হওঁতে প্ৰায় দুবছৰ পাৰ হৈ গৈছিল তাইৰ । তথাপি এন্ধাৰত হেৰাই যাবলৈ দিয়া নাছিল তাইৰ সোণোৱালী সপোনবোৰ । বুকুৰ মাজত আলফুলে লালন কৰিছিল । যি সপোনবোৰে প্ৰতি মুহূৰ্ততে তাইক উজ্জীৱিত কৰি ৰাখিছিল । জীয়াই থকাৰ প্ৰেৰণা দিছিল ।
মনৰ চকুৰে তাই প্ৰায়েই দেখিছিল—
বিশাল আকাশৰ তলত, মনোমোহা প্ৰকৃতিৰ কোলাত এখন আটকধুনীয়া মঞ্চ, ৰঙীন উজ্জ্বল আলোকেৰে জলমল, অগণন দৰ্শক শ্ৰোতা । মুগাৰ চাদৰ-মেখেলা পিন্ধি হাতত মাইক্ৰ’ফোনটো তাই লয়লাস ভংগিমাৰে মঞ্চৰ মাজলৈ আগুৱাই আহিছে ।
: নমস্কাৰ বিহুবলিয়া ৰাইজ । ড° ভূপেন হাজৰিকাদেৱে গানৰ জৰিয়তে বিশ্ববাসীক কৈছিল—-
‘ ব’হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ ।’
আপোনালোকক জনাবলৈ পাই গৌৰৱান্বিত হৈছোঁ যে আজিৰ এই বাৰেৰহণীয়া সাস্কৃতিক অনুষ্ঠানত আপোনালোকে উপভোগ কৰিবলৈ পাব বিহু আৰু কেইবাটাও জনগোষ্ঠীয় নৃত্য । তাৰপিছতে আপোনালোকক নিজৰ যাদুকৰী কন্ঠেৰে, সুৰেৰে সংগীতৰ মায়াবী জগতলৈ লৈ যাব অসমৰ দুগৰাকী জনপ্ৰিয় গায়ক ক্ৰমে– ‘নীল আকাশ’ আৰু ‘প্ৰিয়ংকা ভৰালী’য়ে । তাৰ মাজে মাজে হাঁহিৰ খোৰাক যোগাব অগণন দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা অসমীয়া ধাৰাবাহিক ‘বেহাৰবাৰী আউটপোষ্ট’ৰ ‘কেকে আৰু মোহনে ।’ মুহূৰ্ততে জাউৰিয়ে জাউৰিয়ে হাতচাপৰিত ঝংকাৰিত হৈ উঠিল মঞ্চ ! এখন্তেক ৰৈ মঞ্চৰ তিনিফালে চাই ঝৰ্ণাই মাইক্ৰ’ফোন আকৌ মুখৰ ওচৰলৈ নিলে ।
: তেন্তে আহক ৰাইজ আমি আৰু পলম নকৰোঁ, এটা বৰগীতেৰে আজিৰ সন্ধিয়াৰ এই আকৰ্ষণীয় অনুষ্ঠানটো শুভাৰম্ভ কৰোঁ । এতিয়া মাধৱদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰিব আমাৰ কণমানি কন্ঠশিল্পী শ্ৰীমান…
: মাজনী, ভাত খোৱা । মাকৰ মাতত বাস্তৱলৈ উভতি আহিল ঝৰ্ণা । সেই তাহানিৰে পৰা বুকুত সযতনে সাঁচি ৰখা সপোনটোত আজি আকৌ এবাৰ বুৰ গৈছিল তাই । ভাতৰ থালখন হাতত লৈ গোন্ধতেই গম পাইছে তাই, মাকে ঢেঁকীয়া শাক কণীৰে বাজিছে, তিয়ঁহ, বিলাহী, পিয়াজৰ চালাদ, আৰু মচুৰ দাইল । শাকৰ ভিতৰত তাইৰ ঢেঁকীয়া বৰ প্ৰিয় । মাকে তাইৰ হাতত চামুচখন তুলি দিলে ।
ঝৰ্ণাৰ জন্মদিন উপলক্ষে সেইবাৰ মোমায়েকে তাইক এটা স্মাৰ্টফোন উপহাৰ দিছিল । মোমায়েকে মোবাইলত থকা ট’কবেকৰ সহায়ত কিদৰে তাই চকুৰে নেদেখাকৈও দুটা আঙুলি ব্যৱহাৰ কৰি সাধাৰণ মানুহৰ দৰেই কাম চলাব পাৰে তাক সুন্দৰকৈ বুজাই দিছিল ! সেইদিনা মোমায়েকক অসংখ্যবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছিল ঝৰ্ণাই । লাহে লাহে ধৈৰ্য আৰু একাগ্ৰতাৰে ঝৰ্ণাই স্মাৰ্টফোনৰ সহায়ত অনলাইনৰ আশ্বৰ্যকৰ পৃথিৱীখনত প্ৰৱেশ কৰিলে । দেউতাকে নিৰ্দয় হাতেৰে ঠেলি দিয়া তাই অন্ধকাৰ আৰু নিঃসংগ পৃথিৱীখনৰ পৰা ওলাই যেন আকৌ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল । পাৰ্থক্য— এতিয়া মাথোঁ তাই নেদেখে । বাকী সকলো একেই আছে । আজি সমগ্ৰ ভাৰত তথা ভাৰতীয়ৰ কন্ঠত এটাই নাম উচ্চাৰিত । সেয়া হৈছে— ‘ঝৰ্ণা শিৱাংগী’, অসমৰ এখন ভিতৰুৱা গাঁৱৰ দৃষ্টিহীন যুৱতী । ‘ডি এন ইণ্ডিয়া’ নামৰ ৰাষ্ট্ৰীয় টিভি চেনেল এটাৰ এটা ‘ট’ক শ্বো’ত নিৰ্ভীক, নিৰপেক্ষ স্পষ্টবাদী ঝৰ্ণাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে স্বাধীনতা সংগ্ৰামীৰ পৰা আৰম্ভ কৰি খেলুৱৈ, সমাজকৰ্মী, প্ৰশাসনিক বিষয়া, ৰাজনৈতিক আৰু বহুতো ভি. আই. পি লোকে । অনুষ্ঠানটোৰ লগে লগে জনপ্ৰিয় হৈ উঠিছে ঝৰ্ণা শিৱাংগী । এগৰাকী দৃষ্টিহীন যুৱতীয়ে ভিন ভিন ক্ষেত্ৰৰ পৰা বিশিষ্ট লোকসকলক সুধি গৈছে ইটোৰ পিছত সিটো আশ্চৰ্যকৰ প্ৰশ্ন ।
খোকোজা নলগাকৈ !
ক’তো লিখি নোলোৱাকৈ !
কাৰো সহায় নোলোৱাকৈ !
অসম্ভৱ স্মৰণ শক্তি !
অসাধাৰণ কলা !
অসামান্য কৰ্মস্পৃহা !
এটা ভয়ংকৰ দুৰ্ঘটনাই ঝৰ্ণাৰ সপোন নিঃশেষ কৰিব নোৱাৰিলে । সংবাদ মাধ্যমত জড়িত হৈ কাম কৰিব খোজা ঝৰ্ণা শিৱাংগী আজি ভাৰতৰ এগৰাকী বিখ্যাত ঘোষিকা । স্কুল, কলেজ বিভিন্ন চৰকাৰী, বেচৰকাৰী অনুষ্ঠান, প্ৰতিষ্ঠানৰ বিশেষ সাহিত্য-সাংস্কৃতিক অনুষ্ঠানৰ ঘোষিকাৰ দায়িত্ব সম্পূৰ্ণ নৈতিকতা আৰু নিষ্ঠাৰে পালন কৰে ঝৰ্ণাই । আজি সমাজৰ এক আদৰ্শ ঝৰ্ণা শিৱাংগী ।
প্ৰচুৰ জীৱনী শক্তিৰে টলমল । দুচকুত এন্ধাৰ, তথাপিও জীৱনক সুন্দৰৰ বাটেৰে আগুৱাই নিয়াৰ বৰ্ণিল যাত্ৰাৰ এক অভিনৱ আৰম্ভণি ।
হিয়া দাস
শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ