জোনাক – অৰ্জিফা বেগম

অনুগল্প

জোনাক

অৰ্জিফা বেগম,গোলাঘাট

প্ৰীতিয়ে পুৱাই উঠি ঘৰ, চোতাল ঝাড়ু দি ককাকৰ কাপোৰ দুখন ধুই নিজেও গা ধুই আহি গোসাঁই ঘৰত সোমাল।
বহু সময় চাহৰ অপেক্ষা কৰি কৰি ককাকে তাইক বিচাৰি গৈ দেখিলে ” কান্দি কান্দি তাই ভগৱানক কৈ আছে :— মোক মাৰি নিয়া প্ৰভু, লগৰীয়া বোৰে পঢ়ি আছে। মোক বৰমাই দিনটো কাম কৰিবলৈ দিয়ে। সিহঁতৰ দৰে ময়ো জোনাক বিচাৰো। মাইয়েও মোক এৰি গুচি গ’ল…….. ! “