জোনাকৰ বৰষুণ
ৰুমী কলিতা দত্ত
২নং কেন্দুগুৰি,ডিব্ৰু
তোমাৰ সুৰতেই সুৰ ঢালি দিছোঁ
প্ৰকৃতিৰ মৰমত নিজক বিলাই দিলোঁ
কিয়নো গ’লাকৈ
আকস্মিক ভাবে ঐ
আন্ধাৰৰ বাটেৰে
উভতি নহাৰ খোজেৰে
সুখে-দুখে বিচাৰোঁ তোমাৰ গীততে
যুগৰ নায়ক অ অ অ
তোমাৰ গীত শুনি থাকো নিজানতে ।
কি মায়াৰে তুমি আমাকো বান্ধিলা
জীৱনৰ পৰানো কিয় বিদায় ল’লা
প্ৰভাতৰ ফুলে আজি
ফুৰিছে বিচাৰি
নাহৰৰ পাতেও নবজায় সুঁহুৰি
জনসমুদ্ৰই কান্দিছে বিচাৰি
নিতৌ বাজি উঠে
গীত “মায়াবিনী”
শেতেলীত বগাকৈ দলিচা পাৰি ।
অনন্তকাললৈ বুকুখন ফাটিছে
বাৰে বাৰে কিয় চকুলোঁ সৰিছে
চিতাৰ জুই নুমাইছে
বুকুৰ জুই জ্বলিছে
কান্দিছে অসমী আই
কেনেকৈ দিবনো বিদায়…
একবিংশ শতিকাৰ তুমি মহাৰজা
সপোন আছিলে বৰ ৰংচঙীয়া
জোনাকৰ বৰষুণ আকৌ হ’বনে কোৱা !
