জোনাকী পৰুৱা সদৃশ মানুহবোৰ
নিবেদিতা হাজৰিকা, লখিমপুৰ
জীৱনৰ বাটত আমি যে কিমান ধৰণৰ মানুহ লগ পাওঁ ! সেই সকলৰ বহুতকে মনত ৰখা নহয়। কিন্তু সেই সমূহৰ ভিতৰত কিছু এনেলোকো থাকে বা আছে যি সকলৰ সান্নিধ্যত আমি জীৱনটো নতুন কৈ চাবলৈ শিকো। তেওঁলোকৰ সহায় -সহযোগিতা অবিহনে জীৱনৰ কিছুমান দিন পাৰ কৰাটো অসুবিধাজনক হৈ পৰে।জোনাকী পৰুৱাৰ স্তিমিত পোহৰেও আমাক কেতিয়াবা বাট দেখুওৱাৰ দৰে এই সকল লোক আমাৰ বাবে বহু সময়ত কণাৰ লাখুটি স্বৰূপ ।
তেজ-মঙহৰ সম্পৰ্ক নথকা অথচ আপোনতকৈও যেন আপোন ।ৰ’দ – বৰষুণ কাটি কৰি এই সকল লোক প্ৰতিপল আমাৰ সহায়ৰ বাবে উন্মুখ হৈ থাকে। বহুতৰ বাবে নিম্ন স্তৰৰ , নিম্ন খাপৰ যেন লগা এই ব্যক্তি সকলে সদায়ে আনৰ বাবে এখন সহায়ৰ হাত আগবঢ়াই ৰাখে। দেনা- পাওনাৰ হিচাপ নৰখা , বিপদৰ সময়ত নিঃস্বাৰ্থ ভাৱে সহায়ৰ হাত আগবঢ়োৱা এই সকল লোকৰ মানসিকতা আৰু ত্যাগৰ মনোভাৱ দেখিলে শ্ৰদ্ধাত শিৰনত হৈ যায়।
জোনাকী পৰুৱা সৰু আৰু সাধাৰণ হ’লেও তেওঁলোকৰ পোহৰৰ বৈশিষ্টই তেওঁলোকক অনন্য কৰি তোলাৰ দৰে জোনাকী পৰুৱা সদৃশ এইসকল লোক নিচেই সাধাৰণ যেন লাগিব পাৰে, কিন্তু তেওঁলোকৰ কৰ্ম বা গুণৰ দ্বাৰা এইসকল লোক হৈ পৰে বিশেষ। সাধাৰণ হৈও অসাধাৰণ এই সকললোক। উল্লেখ্য যে এই সকলৰ বহুতেই কিন্তু উচ্চ শিক্ষাৰে শিক্ষিত নহয়। বহুজনৰে হয়তো বিদ্যালয়ৰ দুৱাৰ গচকিবলৈ সুবিধা নহ’ল। অথচ বহু শিক্ষিত লোকৰ তুলনাত এনে লোক সকলৰ মন-মানসিকতা বহু উন্নত মানৰ বুলিব পাৰি। জোনাকী পৰুৱা হৈ আপোনা -মোৰ কাষে-কাষে ঘূৰি ফুৰা এই সকল লোকৰ প্ৰতি আমি সদয় হোৱা উচিত। নিঃস্ব বুলিয়ে তেওঁলোকক ঠগিবলৈ বা সুবিধা আদায় কৰিবলৈ যোৱা উচিত নহয়। সৰু হ’লেও তেওঁলোকৰো আত্মসন্মান আছে। সহায়ৰ হাত আগবঢ়াবলৈ সততে সাজু হৈ থকা এই লোক সকলৰ সান্নিধ্যত থাকিলে অনুভৱ কৰিব পাৰি সাতোৰঙী ৰামধেনুৰ সৌন্দৰ্য । বাস্তৱ জ্ঞানেৰে পুষ্ট এই সকল লোকৰ মাজত এনে কিছুমান গুণ দেখা যায়, যিবোৰে তেওঁলোকক আনৰ পৰা পৃথক কৰি তোলে।