জোনাকীৰ সন্ধিয়াৰ অনুৰাগ
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
প্ৰত্যেক দিনাৰ দৰেই জোনাকীয়ে নিজলৈ বুলি একাপ ব্লেক কফি অৰ্ডাৰ কৰি বেগৰ পৰা উপন্যাস এখন উলিয়াই পৃষ্ঠাবোৰ লুটিয়াই গ’ল। অৰ্ডাৰ নিদিয়া হ’লেও কোনো কথা নাছিল পিছে । ৱেটাৰজনে ঠিকেই আনি দি গ’ল হয়। এইয়া জোনাকীৰ বা কেফেখনৰ ৱেটাৰৰ বাবে কোনো নতুন বিষয় নহয়। যোৱা দুটা বছৰ ধৰি তাই একে সময়ত, একে ধৰণে এইখন কেফেলৈ আহে।
তাই বেংকৰ কৰ্মচাৰী। দিনটোৰ কাৰ্য্য সমাপ্ত কৰি তাই ওচৰতে থকা “A cup of joy” কেফেখনলৈ নিয়মীয়াভাৱে আহে। প্ৰায় ঘণ্টামান সময়, কেতিয়াবা তাতোকৈ বেছি সময় অতিবাহিত কৰে এই সুন্দৰ ঠাইখনিত। দিনটোৰ ভাগৰ মাৰিবলৈ এইয়াই যেন যথেষ্ট ।
বেগৰ পৰা তাই অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ “ব’ৰাগী নদীৰ ঘাট” উপন্যাসখন উলিয়াই ল’লে। তাই উপন্যাসখন আগতে কেইবাবাৰো পঢ়িছে, যদিওঁ আকৌ এবাৰ পঢ়িব মন গ’ল। তাই যেন কোনোবাখিনিত নিজ জীৱনৰ লগত Mrs খান্নাৰ বহু সাদৃশ্য বিচাৰি পায়।
মাথাটোত প্ৰচণ্ড যন্ত্ৰণা অনুভৱ কৰিছে তাই। দিনটো কাষ্টো’মাৰৰ প্ৰশ্নৰ উত্তৰ দি দি তাইৰ কেতিয়াবা দূৰণিৰ কোনোবা নিৰ্জন ঠাইলৈ গুছি যাবলৈ মন যায়। য’ত কোনো নাথাকিব, জনশূণ্যৰ মাজত থাকিব কেৱল তাই, উপন্যাস আৰু প্ৰকৃতি।
: “মেডাম, ইয়ৰ কফি” — ৱেটাৰজনে হাঁহিমুখে কফিকাপ লৈ ৰৈ আছে। তাই কিতাপৰ পৰা মূৰ তুলি ” thank you” বুলি ক’লে।
Mrs খান্নাৰ দৰে তাইৰো যদি জীৱনটো সলনি হ’লে হয়। নিৰ্জন টিলাটোৰ দৰে ঠাইত তাইৰো এটি ঘৰ থাকিলে হয়। সঠিক মানুহ এজন সংগী হ’লে হয়,,,,,,,,,
কথাবোৰ কেৱল উপন্যাসৰ পৃষ্ঠাতহে সুন্দৰ। বাস্তৱ জগতখন সম্পূৰ্ণ বিপৰীত। য’ত এগৰাকী অকলশৰীয়া, ডিভৰ্চি মহিলাৰ জীৱন কেনেকুৱা সেইয়া সমাজৰ কিছুমান মানুহৰ পক্ষে উপলব্ধি কৰাটোও অসম্ভৱ। কিমান যে মুখা পিন্ধা ভদ্ৰলোকৰ প্ৰকৃত স্বৰূপ চিনি পোৱা যায়, তেঁওলোকৰ কামনাৰ বলি হ’ব লগা হয়, প্ৰতিবাদ কৰিলে বদনাম নিৰ্দোষীয়েই হ’ব লগা হয়।সেইয়া অকলশৰীয়া নাৰী এগৰাকীয়ে ভালদৰেই জানে।
কিন্তু জোনাকীয়ে হাৰ মানি লোৱা নাছিল। তাইয়ো এনে বহু কু – প্ৰস্তাৱ লাভ কৰিছিল আগতে। কিন্তু তাই নিজৰ সততা, স্বভিমানৰ জৰীডাল অলপো ঢিলা হ’বলৈ দিয়া নাছিল । তাই অশেষ কষ্ট সহিব লাগিছিল প্ৰথমে যদিওঁ লাহে লাহে তাই নিজৰ অন্য এক পৃথিৱী গঢ়ি তুলিবলৈ সক্ষম হৈছিল।
হয়, তাইৰ ডিভৰ্চ হৈছে। তাইৰ নিজা ইচ্ছাত।
আচলতে যিখন অচিনাকী চহৰত তাই আপোন মানুহক বিচাৰি গৈছিল, এটা সময়ত আপোন মানুহ বিচাৰি পাইছিল বুলি তাইৰ ভ্ৰমো হৈছিল, কিন্তু ভ্ৰমৰ পৰা বাস্তৱলৈ এই যাত্ৰাটো জোনাকীৰ বাবে বৰ কষ্টকৰ আৰু অমসৃণ আছিল। বিশ্বাস, ভালপোৱাৰ প্ৰতিদানত তাই কেৱল লাভ কৰিছিল বিশ্বাসঘাটকতা আৰু অমানসিক অত্যাচাৰ।
কিন্তু যিমানেই কষ্টকৰ নহওঁক কিয় তাই অৱশেষত সেই অচিনাকী চহৰখনক বিদায় জনাই নিজৰ চিনাকী চহৰখনলৈ উভটি আহিছিল। এক্স -স্বামীৰ পৰা এলিমণিৰ নামত এটকাও নলৈ তাই অন্য এখন পৃথিৱীত নিজকে খাপ খুৱাই তুলিবলৈ অহৰহ চেষ্টা কৰিছিল।
***********************
: ” বাইদেউ, অলপ চাই- চিতি খোজ কাঢ়িব নোৱাৰে নি ৰাস্তাত? ভগৱানে নকৰক, কিবা এটা দুৰ্ঘটনা হৈ গ’লে আমাৰ দৰে নিৰ্দোষী ড্ৰাইভাৰকেইটাই মিচাতে পাব্লিকৰ মাৰ খাব লগা হয়। আপুনিও অলপ ধ্যান ৰাখি ৰাস্তাত খোজ কাঢ়িব আৰু আমাকো পাব্লিক ধুলাইৰ পৰা বচাই ৰাখিব। এইয়াই এই অধমৰ একান্ত প্ৰাৰ্থনা । “
অচিনাকী এজন বাইকচালকে জোনাকীক কোৱা কথাকেইটাই তাইক বাস্তৱ মায়াভৰা পৃথিৱীলৈ উভতি আনে । তাই কেৱল ” sorry” বুলি কৈ নিজৰ গন্তব্য ঠাইলৈ বুলি খোজ আগবঢ়ায়। ল’ৰাজনে পিছে পিছে বাইক দৌৰাই জোনাকীক প্ৰায় আগ ভেঁটি ধৰিলে।
: ” মেম, মেম, আপুনি জোনাকী দাস হয় ন? মেম I’m extremely sorry, মই প্ৰথমে আপোনাক চিনি পোৱা নাছিলোঁ। আপোনাক এনেদৰে ৰাস্তাত কথা শুনাইছোঁ বুলি যদি মোৰ ভন্টিয়ে গম পায় তেন্তে মোক কেঁচাই চোবাই খাব। কি ঠিক ঘৰৰ পৰা উলিয়াইয়ো দিব পাৰে। তাই আপোনাৰ বিগ , বিগ ফেন। আপোনাৰ চব উপন্যাস তাই মোৰ পৰাই কিনি লয়। “
: ” Thank you ” — জোনাকীয়ে মৃদু হাঁহিৰে ক’লে।
: ” মেম , বেয়া নাপায় যদি আপোনাৰ autograph এটা পাম নে? আজি মোৰ ভন্টিৰ
birth day হয়। তাই বহুত হেপী হৈ যাব। “
: ” Sure ” — autograph টো দি জোনাকীয়ে
“Happy birthday Meghna, তোমাৰ মনৰ প্ৰতিটো সপোন পূৰণ হওঁক। ভালে থাকা।” বুলি সৰুকৈ note এটাও লিখি দিলে।
: ” Thank you so much মেম । তাইৰ বাবে এইয়া best gift হ’ব। মেম, thank you “— ভনীয়েকলৈ শ্ৰেষ্ঠ উপহাৰটি পোৱাত সি আনন্দত উৎফুল্লিত হৈ পৰে।
***************
জোনাকীয়ে প্ৰাপ্তিৰ হাঁহি এটি মাৰি আগুৱাই আহে। তাই জীৱনটোত কি পাইছে, কি হেৰুৱাইছে, সুখ দুখৰ অনুপাত কিমান? একো নাজানে। জানিবলৈ চেষ্টায়ো নকৰে। কিন্তু তাই এই জীৱনটোত পোৱা আটাইতকৈ ডাঙৰ উপহাৰটি হ’ল এই নিঃস্বাৰ্থ মৰমবোৰ। তাই যেতিয়া প্ৰতিটো ফালৰ পৰা হাৰি গৈছিল, অসহায়, অকলশৰীয়া হৈ পৰিছিল, সেই সময়ত তাই আপোন কৰি হাতত তুলি লৈছিল নিঃসংগ পৃথিৱীৰ সংগীস্বৰূপ কলমক।
নিজৰ মনৰ অব্যক্ত অনুভূতিবিলাক, যিবোৰ শুনিবলৈ কোনো নাছিল, তাই লিখিবলৈ আৰম্ভ কৰিছিল। তেনেকৈয়ে এদিন তাই লিখি উলিয়াইছিল তাইৰ জীৱনৰ প্ৰথমখন উপন্যাস। ” নিঃসংগ পৃথিৱীৰ একমাত্ৰ সংগী”
এখন – দুখনকৈ কেইবাখনো তাইৰ লিখা কিতাপে পাঠকৰ হৃদয় চুই গৈছিল। বাস্তৱ জগতৰ লগত মিল থকা তাইৰ কিতাপবোৰ অনুৰাগীসৱৰ মাজত কম দিনতে জনপ্ৰিয় হৈ উঠিছিল। ” প্ৰিয়তমা” — কলেজীয়া জীৱন – কাহিনীৰ আধাৰত লিখা তাইৰ উপন্যাসখনে কলেজীয়া অনুৰাগীক বৰকৈ আকৰ্ষিত কৰিছিল।
***********************
বেংকৰ কামবোৰ সমাপ্ত কৰি তাই ওলাই আহে। দৈনন্দিন কাৰ্য্যৰ তালিকাত অন্তৰ্ভূক্ত কফিশ্বপখনত যোৱাৰ সময় এইয়া। কৰ্ণাৰৰ টেবুলখনত তাই বহি আছে। হঠাৎ এটি মাতে তাইক মূৰ তুলি চাবলৈ বাধ্য কৰিলে।
: ” মেম, আপুনি ইয়াত? “
জোনাকীয়ে মনত পেলাবলৈ চেষ্টা কৰিলে মানুহজনক তাই ক’ত দেখিছিলে ,,
: ” Sorry, আপুনি? চিনি নাপালোঁ আপোনাক? “
তাই মনতে ভাবিলে হয়তো তাইৰ কোনোবা অনুৰাগী হয়। কিন্তু তাই যেন মানুহজনক আগতে কৰবাত দেখিছে তেনে অনুভৱ হ’ল।
: ” মেম, মই অনুৰাগ। আপোনাক লগ পাইছিলোঁ ৰাস্তাত, মোৰ ভন্টিৰ বাৰ্থ ডে আছিল, আপুনি autograph দিছিল। চিনি পাইছে নে এতিয়া? “
: ” ওম, মনত পৰিছে। “
অনুৰাগে অনুমতি নোলোৱাকৈয়ে ওচৰত থকা চকীখনত বহিলে। ডেকা ল’ৰা শিক্ষা -জীৱন সমাপ্ত কৰি কলেজ এখনত assistant professor ত কৰ্মৰত। লগতে প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ প্ৰস্তুতি চলাই আছে।
সি জোনাকীক দেখাৰ পাছৰে পৰাই যেন মনত অন্য এক অনুভূতি অনুভৱ কৰিব পাৰিছে। সি ঘৰলৈ গৈ ভনীয়েকৰ পৰা উপন্যাসবিলাক আনি পঢ়িবলৈ আৰম্ভ কৰিলে। তাইৰ মুখৰ গভীৰতা, তাইৰ কথাৰ জটিলতা, আদিত দিনক দিনে সি বৰকৈ আকৰ্ষিত হ’বলৈ ধৰিছে। হয়তো সি জোনাকীৰ প্ৰেমত পৰিছে। এনেকুৱা নহয় যে তাৰ জীৱনত আগতে কোনো নাৰীৰ আগমণ ঘটা নাছিল। আহিছিল, কেইবাজনী নাৰী আহিছিল তাৰ জীৱনত। ক্ৰমে কলেজ, ইউনিভাৰ্ছিটিত তাৰ দিনবোৰ সুমধুৰ কৰি তুলিবলৈ কেইবাজনী নাৰীক কাষ চপাই আনিছিল। কিন্তু আকৰ্ষণ শেষ হোৱাৰ পাছতে সেই সম্পৰ্কবোৰেও ইতি লিখিছিল।
প্ৰথমবাৰৰ বাবে সি নিজৰ মনত অন্য এক প্ৰকাৰৰ অনুভূতিক অনুভৱ কৰিব পাৰিছে। এবাৰ ব্ৰেকআপ হওঁতে সি দুখ কৰি থাকোঁতে মাকে কোৱা কথাষাৰ – “যেতিয়া সঁচা প্ৰেম জীৱনলৈ আহিব, তেতিয়া তুমি নিজে অনুভৱ কৰিব পাৰিবা বাবা। ভালপোৱা – ই এক অনন্য অনুভৱ। ই আকাশৰ দৰে বিশাল, সাগৰৰ দৰে গভীৰ।
ই হৃদয়ৰ গভীৰতম কোণত লুকাই থকা সেউজ পোহৰ,
য’ত প্ৰতিটো সপোন, প্ৰতিটো তৃষ্ণা। প্ৰতিটো
অশ্ৰুবিন্দু- হাঁহিতেই ভালপোৱাৰ অস্তিত্ব বিৰাজমান।”
***************
প্ৰায় এমাহমান উকলিল। লাহে লাহে অনুৰাগে জোনাকীৰ নীৰৱ সন্ধিয়াৰ সংগী হৈ উঠিছে। অনুৰাগৰ অলাগতীয়াল কথা কোৱা স্বভাৱটোত আগতে জোনাকী বিৰক্ত হৈছিল। কিন্তু লাহে – লাহে যেন এই অলাগতীয়াল কথাবোৰেই তাইৰ ভাল লগা হৈ আহিছে। শেষবাৰৰ বাবে মন খুলি হাঁহিছিল তাই বিয়াৰ ৰাতিত যেতিয়া তাই কইনা সাজি বহি আছিল। তাৰ পাছত,,,,? আকৌ এবাৰ তাইৰ ওঁঠে অকৃত্ৰিম হাঁহি এমুঠি অনুভৱ কৰিব শিকিলে অনুৰাগক লগ পায়। তাৰ নিস্পাপ মুখনি, লজিক নথকা joke বোৰ, উৎপতিয়া স্বভাৱবোৰে জোনাকীক আকৌ এবাৰ হাঁহিৰে পূৰ্ণ কৰিলে।
” “অনুৰাগ,,”
” কোৱা জোনবাই” — বন্ধুত্বৰ সম্পৰ্কটো ইমানেই আগুৱাই গৈছে যে অনুৰাগে জোনাকীক মৰমত জোনবাই বুলি মাতে। সি জোনাকীক নিশাৰ জোনবাইটিৰ লগত তুলনা কৰে কেতিয়াবা। দুয়ো অজস্ৰ মায়াৰে পূৰ্ণ। আকাশৰ জোনবাইটিও কত বিচ্ছেদৰ কাহিনী শুনে। তেনেদৰে জোনাকীও অনুৰাগৰ প্ৰত্যেকটো কথা মন দি শুনে, একো প্ৰশ্ন নকৰাকৈ। কিন্তু নিজৰ মনৰ গভীৰত থকা দুখ – যন্ত্ৰণাখিনি কেতিয়াও ব্যক্ত নকৰে। সি কেতিয়াবা সোধে নিজেই,, ” জোন, তুমি কিয় এনেদৰে থাকা, কথাবোৰ নিজৰ মাজতে কিয় ৰাখা, share কৰিবা চোন, পাতল লাগিব মনটো। “
তাই মাথোঁ মিচিকিয়াই হাঁহে আৰু কয়—
” এদিন নিশ্চয় কম । “
আজি সন্ধিয়াটিৰ বাবে অনুৰাগ সম্পূৰ্ণভাৱে প্ৰস্তুত। সি আজি নিজৰ মনৰ কথা জোনাকীক কৈ পেলাব। জোনাকীও যে তাক পচন্দ কৰা হৈছে ইমানখিনি অন্ততঃ সি বুজি পায়। কথামতেই আগতীয়াকৈ গৈ সি সকলো ব্যৱস্থা কৰিলে। এতিয়া মাথোঁ জোনাকীৰ অহালৈ অপেক্ষা।
জোনাকী আহিলে। তাই চৌপাশে এবাৰ চকু ফুৰাই চালে। অন্য দিনা অনুৰাগ আগতীয়াকৈ আহি তাইলৈ বাট চাই থাকে। কিন্তু আজি সি অহা নাই। জোনাকীৰ মনটো এন্ধাৰ হৈ পৰিল। দিনটো অপেক্ষা কৰে তাই এই সন্ধিয়া সময়খিনিলৈ। দুখ মনেৰে তাই উভতি যাবলৈ ধৰিছিল হে, অনুৰাগে জোনাকীৰ সন্মুখত আহি আঁঠু কাঢ়ি বহি ল’লে। এনে এক পৰিস্থিতিৰ বাবে তাই অলপো প্ৰস্তুত নাছিল।
তাইক আচৰিত কৰি অনুৰাগে পকেটৰ পৰা ring উলিয়াই ল’লে আৰু এফালৰ পৰা কৈ গ’ল —
: ” জোনবাই, মোৰ জীৱনৰ এই বিশাল ভীৰৰ মাজত তোমাক লগ পোৱাৰ পিছৰে পৰা সকলো যেন হঠাৎ সলনি হৈ গ’ল, আৰু সহজ হৈ পৰিল। তোমাৰ হাঁহিত মই শান্তি পাঁও,তোমাৰ নীৰৱতাতো মোৰ মনটো সজীৱ হৈ উঠে।আজিৰ পৰা নহয়, প্ৰথম দিনাৰ পৰাই , তোমাৰ কথাতেই মই থমকি ৰওঁ।
জোনবাই, যদি তুমি অনুমতি দিয়া তোমাৰ প্ৰতিটো সুখ-দুখত মই তোমাৰ পাগল অনুৰাগটো হৈ সদায় কাষত থাকিব খোজোঁ। জীৱনৰ এই দীঘল বাটত মোৰ হাতখন তোমাৰ হাতত দিছোঁ— তুমি গ্ৰহণ কৰিবা নে?”
জোনাকীয়ে কি উত্তৰ দিব বুজি পোৱা নাই। তাইৰো অনুৰাগক বেয়া নালাগে। ভাল লাগে, তাৰ সানিধ্যত তাই সুখ লভে। কিন্তু সমাজ,,,,,,?
তাই এক মূহুৰ্তও সেই ঠাইত ৰৈ নাথাকিল। পুণে- পুণে দুৱাৰ মুখ পালেহি । তাই টমটম এখনত আৰু অনুৰাগে নিজৰ বাইকত আহি আছে। দুয়োৰে মগজুত অশেষ প্ৰশ্ন, অপাৰ ভয়। জোনাকীয়ে নিজৰ ফ্লেটৰ ভিতৰলৈ সোমাই গৈ দুৱাৰখন বন্ধ কৰি দিয়ে। অনুৰাগে বাহিৰৰ পৰা বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো তাই দুৱাৰ খুলি দিয়া নাই।
: ” প্লিচ জোন, এবাৰ দুৱাৰ খোলা। প্লিচ। “
তাই খোলা নাই। এইবাৰ অনুৰাগে শেষ বাৰৰ বাবে চেষ্টা কৰিলে।
: ” জোন, যদি তুমি দুৱাৰ নুখোলা তেন্তে মই আৰু কেতিয়াও তোমাৰ কাষলৈ নাহিম। গুচি যাম বহু দূৰলৈ।”
অনুৰাগক হেৰুওৱাৰ ভয়ত, নে নিজৰ হাঁহিটিক হেৰুওৱাৰ ভয়ত — জোনাকীয়ে দুৱাৰখন খুলি দিলে।
অনুৰাগে দৌৰি ভিতৰলৈ সোমায় গৈ তাইক সাৱটি ধৰিলে। নোৱাৰিলে তাই অনুৰাগক আৰু বাধা দিব। তাই নিজক অনুৰাগৰ দুবাহুৰ মাজত এৰি দিলে। কিমান সময় যে তাই অনুৰাগৰ বুকুত সোমায় থাকিল তাই নিজেও নাজানে।
: ” অনুৰাগ, এইয়া সম্ভৱ নহয়, তুমি বুজিবলৈ চেষ্টা কৰা। “
: ” কি সম্ভৱ নহয় জোন, ? মই তোমাক ভাল পাওঁ, তুমি মোক ভালপোৱা । তাৰ মাজত সম্ভৱ, অসম্ভৱৰ কথা ক’ৰ পৰা আহিল আক'” ?
: ” নুবুজাৰ দৰে নকৰিবা প্লিচ,, তুমি মোতকৈ বাৰ বছৰৰ সৰু, কিয় বুজি পোৱা নাই? এই সমাজ, তোমাৰ পৰিয়ালে মোক কেতিয়াও মানি নল’ব। আৰু তুমি, তোমাৰো এদিন মোৰ প্ৰতি থকা অনুভূতিবোৰ শেষ হৈ যাব। মই ডিভৰ্চি অনুৰাগ । “
: ” তুমি মোৰ ভালপোৱাৰ ওপৰত সন্দেহ কৰিছা ? তুমি এবাৰ মান্তি হৈ চোৱা , মই চবকে মনাই লম, প্ৰমিছ। “
: ” তোমাৰ সমুখত গোটেই জীৱন পৰি আছে, এক উজ্জ্বল ভৱিষ্যত আছে। মোৰ লগত তুমি কিয় ইয়াক ধ্বংস কৰিব বিচাৰি আছা? “
: ” প্লিচ এনেদৰে নকবা জোন, তুমিয়েই মোৰ জীৱন। তুমি অবিহনে মোৰ অন্ধকাৰ জীৱনটো কেনেকৈ উজ্জ্বল হ’ব? আৰু সমাজ ! — সমাজে সমাজৰ কাম কৰি থাকিব। গুৰুত্ব নিদিলেই হ’ ল। তাতোকৈ ডাঙৰ কথা age is just a number জোন। আজি কালি কিমান couples ৰ মাজত বাৰ – তেৰ বছৰৰ গেপ থাকেই। তেওঁলোকে কি সমাজৰ কথা ভাৱি পিছুৱাই আহিছিল নি? তেঁওলোকে নিজৰ ভালপোৱাৰ ওপৰত বিশ্বাস ৰাখিছিল। প্ৰতিতো কঠিন সময়ত এজনে আন জনৰ হাতখন মজবুত ভাৱে খামুচি ধৰি ৰাখিছিল। বিশ্বাসৰ মজবুত জৰীডাল ঢিলা পৰিব দিয়া নাছিল বুলি তেওঁলোকে আজি নিজৰ ভালপোৱাক জয়ী কৰি তুলিছে। তুমি কিয় এবাৰো চেষ্টা নকৰাকৈ হাৰ মানি লৈছা? মোৰ ওপৰত বিশ্বাস ৰাখা, আমাৰ ভালপোৱাৰ ওপৰত বিশ্বাস ৰাখা। মই কৈছোঁ ন চব ঠিক হৈ যাব। “
জোনাকীয়ে অনুৰাগৰ কথা বিশ্বাস কৰি ল’বলৈ বাধ্য হৈছিল অৱশেষত। তাৰ জেদৰ সমুখত তাই হাৰ মানি লৈছিল। হয়, দুয়োৰে আগন্তুক যাত্ৰাটিৰ পথ কোনোপধ্যেই মসৃণ নাছিল, কিন্তু অনুৰাগৰ অপৰিসীম প্ৰেমে , জোনাকীৰ বিশ্বাসে এই পথযাত্ৰাক সম্ভৱ কৰি তুলিছিল। জীৱন বাটত নানান তৰহৰ বাধা অহাটো নিশ্চিত। কিন্তু যদি এই কঠিন যাত্ৰাত উপযুক্ত সংগীৰ মজবুত হাতখন বিচাৰি পোৱা যায় তেন্তে এই যাত্ৰা হৈ পৰে সুখৰ, হেঁপাহৰ।
জোনাকীৰ কোলা শুৱনি কৰি কণমানি পুতলা এজনী আহিলে। তাইৰ আগমণত অনুৰাগ আৰু জোনাকীৰ প্ৰতি থকা মাক -দেউতাকৰ প্ৰত্যেকটা অভিযোগ , অভিমানৰো অন্ত পৰিলে। সমাজৰ
নীতি- নিয়মৰ বান্ধোন খুলি তেঁওলোকে জোনাকীক আপোন কৰি ল’লে। আজি জোনাকীৰ এটি সুখৰ, সুন্দৰ পৰিয়াল আছে। স্বামী- সন্তানৰ সৈতে তাই আজি সম্পূৰ্ণ।
প্ৰথম বাৰৰ বাবে তাই এজন পুৰুষক বিশ্বাস কৰি বুকুত সপি দিছিল নিজৰ সৰ্বস্ৰ । তেওঁৰ প্ৰতাৰণাই জোনাকীক ভালপোৱাৰ প্ৰতি থকা বিশ্বাসখিনিক নিঃশেষ কৰি দিছিল। কিন্তু অনুৰাগৰ অনুৰাগে সেই বিশ্বাসখিনিক উভতাই আনিবলৈ বাধ্য কৰিলে।
( সমাপ্ত )
