‘জোনসূৰুয জ্ঞান কানন’ৰ  মনোজ্ঞ অনুষ্ঠান

‘জোনসূৰুয জ্ঞান কানন’ৰ  মনোজ্ঞ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- ‘জোনসূৰুয জ্ঞান কানন’ প্ৰফুল্লিত মনৰ শিশু ,সাহিত্য ,সমাজিক, সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত এখনি বিশেষ মনোজ্ঞ অনুষ্ঠান অসম সাহিত্য সভাৰ নেহা আগৰৱালা সভাকক্ষক অনুষ্ঠিত হয়।অভিযন্তা তথা সু -কবি ৰাজীৱ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত ঘোষক হিচাপে সভাৰ আঁত ধৰে উদীয়মান সাংবাদিক তথা অনুষ্ঠানৰ সম্পাদক তফিকুদ্দিন আহমেদে।উক্ত সভাখনৰ পৰিকল্পনা কৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে সঞ্চালক প্লাৱিতা মহন্ত কাকতিয়ে।অনুষ্ঠানৰ সম্পাদনা কৰে সাংগঠনিক সভাপতি তথা সমন্বয়ক বিৰাজ কাকতীয়ে ৷অনুষ্ঠানৰ ব্যৱস্থাপনাত সহায় কৰে সম্পাদক অঞ্জনা দত্ত, শোভন মেধি আৰু দিলীপ ডেকাই ৷অনুষ্ঠান কাৰ্যসূচীৰ আঁত ধৰে সাহিত্য সভাপতি অজিত বুঢ়াগোঁহায়ে৷ সভাত উপস্থিত থাকে  বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ খগেন তালুকদাৰ , হাচমত আলী, হৃদয় পাটগিৰি, সাংস্কৃতিক সভাপতি জুৰি দেৱী গোস্বামী,ডা° চন্দনা  মেধি ,ডাঃ জয় বড়া , বিশিষ্ট সমালোচক বিপুল শৰ্মা, ৰুদ্ৰ সিংহ মটক, দেৱৰাজ কলিতা প্ৰমুখ্যে বিভিন্ন গুণী জ্ঞানী ব্যক্তি।শিশু সকলৰ বৌদ্ধিক, মানসিক তথা সাংস্কৃতিক বিকাশৰ লগতে এখন নিচামুক্ত সুস্থ সমাজ গঢ়াৰ প্ৰতিশ্ৰুতিবদ্ধ এই অনুষ্ঠানে বিগত সময়চোৱাত শিশুৰ বিভিন্ন বিষয়ত দৃষ্টি আলোকপাত কৰিবলৈ  সক্ষম হৈছে। সভাত ডা° চন্দনা দাস মেধিৰ গ্ৰন্থ উন্মোচনকে ধৰি বিশিষ্ট খেলুৱৈ তথা শিক্ষয়িত্ৰী মামনি ডেকাৰ আন এখন গ্ৰন্থৰ ওপৰতো দৃষ্টি আলোকপাত কৰে। এই সভাতে সোণাপুৰ হায়াৰ চেকেণ্ডেৰীৰ অধ্যক্ষা জুৰি দেৱী গোস্বামী আৰু শিক্ষাবিদ হাচমত আলীৰ লগতে ৰুনু দেৱী শৰ্মা, কাজল লতা মেধি, নাৰায়ণ ভাণ্ডাৰী, চুমি ৰহমানৰ লগতে বিভিন্ন জনক সম্বৰ্ধনা জনোৱা হয়।