জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ তথ্য প্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁৱৰ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ তথ্য প্ৰকাশ পাই।মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে এয়া এক পৰিকল্পিত নৃশংস হত্যা বুলি প্ৰতিপন্ন হোৱাৰ দিশে আগবাঢ়িছে।চিকিৎসকে দাখিল কৰা প্ৰতিবেদন অনুসৰি জোনমণিয়ে মূৰৰ পিচফালে আঘাত পাইছিল। এই আঘাতৰ ফলত মগজুৰ ৰক্তাক্ষৰণ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবেই জোনমণিৰ মৃত্যু হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। তল পেটৰ অভ্যন্তৰতো আঘাত পাইছিল জোনমণিয়ে। আঠু, ভৰি আৰু কিলাকুটিটো প্ৰচণ্ড আঘাত পাইছিল জোনমণিয়ে।
