জোনমণি ৰাভাৰ মৃত্যুৰ লগত জড়িত দোষী ব্যক্তিক কঠোৰ শাস্তি প্ৰদানৰ দাবীত আম আদমী পার্টীৰ প্রতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ নিকা, স্বচ্ছ আৰু নিৰপেক্ষ অনুসন্ধানৰ লগতে ঘটনাত জড়িত দোষী ব্যক্তিক কঠোৰ শাস্তি প্ৰদানৰ দাবীত গণেশগুৰিত আম আদমী পার্টীয়ে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দলটোৰ শতাধিক নেতা-কর্মীয়ে জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্ত কৰক, শীঘ্ৰে প্ৰকৃত দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰক, জোনমণি ৰাভাক ন্যায় প্ৰদান কৰক, পৰিয়ালক উচিত ক্ষতিপূৰণৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে প্ৰতি বাদস্থলী উত্তাল কৰি তোলে। প্রতিবাদস্থলীত উপস্থিত থাকি ‘আপ’ৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে যদি আৰক্ষীয়ে আৰক্ষীৰ হাতত সুৰক্ষিত নহয়, তেনেহ’লে জনসাধাৰণ কেনেকৈ সুৰক্ষিত হ’ম। লগতে কয় যে আজি জোনমণি ৰাভাৰ মৃত্যুৰ কেইবাদিনো হৈ যোৱাৰ পাছতো ঘটনাৰ তদন্ত চিবিআয়ে চমজি লোৱাৰ খবৰ পোৱা নগ’ল । জোনমণিৰ মৃত্যুৰ তদন্তৰ ভাৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি সঁচাকৈয়ে চিবিআইৰ হাতত অৰ্পণ কৰা হৈছে, তেন্তে আজিলৈকে চিবিআয়ে ঘটনাটো চমজি লৈ তদত্ত প্রক্রিয়া কিয় আগ বঢ়োৱা নাই বুলি সংবাদ মাধ্যমৰ আগত ৰাজ্যিক সভাপতিগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। আম আদমী পাৰ্টীয়ে ৰাজ্যৰ গৃহ বিভাগক ব্যর্থ হোৱা বুলি দাবী কৰি জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদম্ভ বিচৰাৰ লগতে বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ কামৰূপ মহানগৰ জিলাৰ আযুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।