জোখ-মাখ- শৰ্মিষ্ঠা দেৱী

Pc Desiring God

‘জোখ-মাখ’

দুখৰ চোলা এটা –
এৰা,
দুখৰ চোলা এটা
পিন্ধাই দিবৰ বাবে
মোৰ শৰীৰত চলিছে
জোখ-মাখৰ
টনা-আঁজোৰা ।
দীঘ-প্ৰস্থ …

উমান পাই,
জধে-মধে পিন্ধিব খোঁজো
সুখৰ চোলা এটা ।
সেয়েহে হয়তো
আউল লাগে চিলনিত,
বিচাৰি নাপাঁও সূতাৰ ৰং ।

হ’ব নেকি বাৰু
সেই সূতাৰ ৰং
সেউজীয়া, অথবা আকাশী নীলা —
যাৰ প্ৰতিটো চিলনি
আকুল বুজনিৰে ঢকা ।
নে সেইটি চোলাৰ বাবেও প্ৰয়োজন হ’ব
মোৰ দেহৰ জোখ-মাখ —

দীঘ, প্ৰস্থ ….???

শৰ্মিষ্ঠা দেৱী
আমোলাপট্টি, গোলোক বৰুৱা পথ