জে বি আইন মহাবিদ্যালয়ৰ অধ্যক্ষাক নিলম্বন
ৰঙিলী বাৰ্ত্তাসেৱা- কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰা গুৱাহাটী মহানগৰীৰ এখন ঐতিহ্যমণ্ডিত আইন শিক্ষা প্রতিষ্ঠানৰ অধ্যক্ষৰ লগতে দুজন কৰ্মচাৰীক নিলম্বন । এই আইন শিক্ষা প্রতিষ্ঠানখন হ’ল আৰ জি বৰুৱা ৰোডস্থিত জে বি আইন মহাবিদ্যালয়। দীর্ঘদিনৰ পৰা জে বি আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মালবিকা তালুকদাৰৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰিৰ অভিযোগ উত্থাপন হৈ আহিছে। সেইমৰ্মে পৰিচালনা সমিতিৰ তৰফৰ পৰা যোৱা ১২ আগষ্টত এখন পাঁচজনীয়া তদন্ত কমিটী গঠন কৰি দিয়া হয়। শেহতীয়াকৈ যোৱা ১৯ ছেপ্টেম্বৰত পৰিচালনা সমিতিৰ সভাপতিৰ হাতত তদন্ত সমিতিৰ আহ্বায়কে প্রতিবেদন দাখিল কৰে। মুঠ ৬৭ পৃষ্ঠাৰ তদন্ত প্রতিবেদনখন পর্যালোচনাৰ অন্তত বিত্তীয় কেলেংকাৰিৰ বিষয়টো পৰিচালনা সমিতিয়ে কাৰ্যতঃ ধৰা পেলায়। ইয়াৰ পাছতে পৰিচালনা সমিতিয়ে জে বি আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মালবিকা তালুকদাৰ, প্রেক্টিকেল ক’ৰ্ছ কো-অর্ডিনেটৰ ৰঞ্জনজ্যোতি দাস আৰু গাণনিক প্রদীপ বেজবৰুৱাক যোৱা ২ নৱেম্বৰত নিলম্বন কৰাৰ ক্ষেত্ৰত প্রয়োজনীয় অনুমোদন দিয়ে। জানিব পৰা মতে তিনিওজনৰ বিৰুদ্ধে ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত বহু কোটিটকীয়া কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ উঠিছে। ইফালে, অধ্যক্ষা ড° মালবিকা তালুকদাৰ আৰু দুই কৰ্মচাৰীক নিলম্বনৰ সমান্তৰালভাৱে তদন্ত কমিটীৰ প্ৰতিবেদনৰ আঁত ধৰি সমগ্ৰ কেলেংকাৰিৰ অভিযোগ অধিক পুংখানুপুংখকৈ পর্যালোচনা কৰিব পৰিচালনা সমিতিয়ে, যাতে ইয়াৰ সমস্ত তথ্য পোহৰলৈ আনিব পৰা যায়।