জে ডি ইনষ্টিটিউট অব ফেশ্বন টেকনলজিৰ বাৰ্ষিক ডিজাইন এৱাৰ্ডছ ২০২২

জে ডি ইনষ্টিটিউট অব ফেশ্বন টেকনলজিৰ বাৰ্ষিক ডিজাইন এৱাৰ্ডছ ২০২২

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত জে ডি ইনষ্টিটিউট অব ফেশ্বন টেকনলজিৰ শিক্ষাৰ্থীসকলৰ অপেক্ষাৰ সময় অন্ত পৰিল।জে ডি এনুৱেল ডিজাইন এৱাৰ্ডছৰ কাৰ্টেইন ৰেইজাৰ অনুষ্ঠান ৯ ডিচেম্বৰত অনুষ্ঠিত হয়।ফেশ্বন শ্ব’ তথা প্ৰদৰ্শনী ১০ ডিচেম্বৰত আই টি এ মাচখোৱাত অনুষ্ঠিত হয়।ইয়াত উদীয়মান ডিজাইনাৰসকলৰ উদ্ভাৱনশীল আৰু ডিজাইনে ফেশ্বন শ্ব’ক প্ৰাণৱন্ত কৰি তোলে । কাৰ্যবাহী সঞ্চালক শ্ৰীমতী ৰুপাল দালাল আৰু জে ডি ইনষ্টিটিউটৰ সঞ্চালক হৰ্ষ দালালে এই অনুষ্ঠানত উপস্থিত থাকি ফেশ্বন শ্ব’ আৰু ভিতৰচৰাৰ প্ৰদৰ্শনীৰ বিচাৰকৰ ভূমিকা পালন কৰে।গুৱাহাটী ইনষ্টিটিউটৰ সঞ্চালকৰ লগতে অনুষ্ঠানটোত উপস্থিত থাকে অসমীয়া চলচ্চিত্ৰ আৰু ম’বাইল থিয়েটাৰৰ প্ৰখ্যাত ডিজাইনাৰ তথা ‘গৰিমাজ হিউছ’ ৰ স্বত্বাধিকাৰী গৰিমা শইকীয়া গাৰ্গ, স্থপতিবিদ আৰু ‘আকৃতি’ৰ গৰাকী ৰিতুল শৰ্মা।এইসকল লোকৰ উপস্থিতিয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ শ্ৰেষ্ঠ কৰ্মৰাজি সুন্দৰভাৱে প্ৰদৰ্শন কৰাত অনুপ্ৰাণিত কৰে। জে ডি বাৰ্ষিক ডিজাইন এৱাৰ্ডছ ২০২২ ৰ বিষয়বস্তু আছিল ‘এৰাইভেল’ (আগমন), যিয়ে আমাক এৰি থৈ যোৱা উত্তৰাধিকাৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ বাধ্য কৰাইছিল। ভিতৰচৰাৰ প্ৰদৰ্শনীত বিভিন্ন উদ্ভাৱনীমূলক, ভৱিষ্যৎমুখী আৰু বহনক্ষম সামগ্ৰী প্ৰদৰ্শন কৰা হয়।অসাধাৰণ কৰ্মৰাজি প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলে শ্ৰেষ্ঠ ডিজাইন, আটাইতকৈ উদ্ভাৱনী, ব্যৱসায়িকভাৱে আটাইতকৈ কাৰ্যক্ষম আৰু শ্ৰেষ্ঠ ৰিছাৰ্চৰ শাখাত বঁটা লাভ কৰে। জে ডি বাৰ্ষিক এৱাৰ্ডছৰ মূল উদ্দেশ্য ব্যাখ্যা কৰে জে ডি গুৱাহাটীৰ সঞ্চালক সুমিতা দে ডেকাই।