জেদ্দাত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মেগা নিলাম
ৰঙিলী বাৰ্ত্তাসেৱা- বিচিচিআয়ে আই পি এল ২০২৫ৰ মেগা নিলামৰ স্থান আৰু তাৰিখ ঘোষণা কৰে। বহু প্রতীক্ষিত তথা ধনী লীগ হিচাপে পৰিচিত আই পি এল ২০২৫ৰ খেলুৱৈৰ নিলাম ২৪-২৫ নৱেম্বৰত চৌদি আৰবৰ জেদ্দাত অনুষ্ঠিত হ’ব। বিচিচিআয়ে লগতে প্রকাশ কৰিছে যে ১৫৭৪ গৰাকী খেলুৱৈয়ে নিলামৰ বাবে ইতিমধ্যে নাম পঞ্জীয়ন কৰিছে। বিচিচিআইৰ সচিব জয় শ্বাহে এক বিবৃতিত কয়, ‘২০২৪ চনৰ ৪ নৱেম্বৰলৈ মুঠ ১,৫৭৪ গৰাকী খেলুৱৈৰ (১,১৬৫ গৰাকী ভাৰতীয় আৰু ৪০৯ গৰাকী বিদেশী) নাম নিলামৰ বাবে পঞ্জীয়ন কৰা হৈছে। যিসকলে ২৪-২৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মেগা নিলামত অংশগ্ৰহণ কৰিব’। এই তালিকাত ৩২০গৰাকী কেপড খেলুৱৈ আৰু ১,২২৪ গৰাকী আনকেপড খেলুৱৈৰ লগতে সহযোগী ৰাষ্ট্ৰসমূহৰ ৩০ গৰাকী খেলুৱৈ অন্তর্ভুক্ত আছে। তদুপৰি ৪৮ গৰাকী কেপড ভাৰতীয় খেলুৱৈক নিলামত অন্তর্ভুক্ত কৰা হোৱাৰ বিপৰীতে ২৭২গৰাকী কেপড আন্তঃৰাষ্ট্ৰীয় খেলুৱৈও নিলামৰ বাবে উপলব্ধ হ’ব। বিগত আই পি এল ছিজনৰ অংশ হোৱা ১৫২গৰাকী আনকেপড ভাৰতীয় খেলুৱৈ আৰু ৩গৰাকী আনকেপড আন্তঃৰাষ্ট্ৰীয় খেলুৱৈকো নিলামত অন্তর্ভুক্ত কৰা হ’ব। বিবৃতিটোত প্ৰকাশ কৰা হৈছে যে ৯৬৫ গৰাকী আনকেপড ভাৰতীয় আৰু ১০৪ গৰাকী আনকে পড আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আছে।আইপিএল ২০২৫ মেগা নিলামৰ বাবে ভাৰতৰ ১,১৬৫জন, দক্ষিণ আফ্রিকাৰ ৯১জন, অষ্ট্ৰেলিয়াৰ ৭৬ জন, ইংলেণ্ডৰ ৫২জন, নিউজিলেণ্ডৰ ৩৯জন, ৱেষ্ট ইণ্ডিজৰ ৩৩জন, আফগানিস্তানৰ ২৯জন, শ্রীলংকাৰ ২৯জন, বাংলাদেশৰ ১৩জন, নেদাৰলেণ্ডছৰ ১২জন, আয়াৰলেণ্ডৰ ৯জন, জিম্বাব’ৱেৰ ৮জন, কানাডাৰ ৪জন, স্কটলেণ্ডৰ ২জন, ইটালীৰ ১জন আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ ১জন খেলুৱৈয়ে নাম পঞ্জীয়ন কৰিছে।