জেতুকা পাতেৰে বুলাম তোমাৰ দুহাত
ৰশ্মি ৰেখা দুৱৰা
এইবাৰ ব’হাগতে ৰঙীন কৰিম
তোমাৰ লিহিৰি আঙুলিৰ দুহাত,
বাধা নিদিবা সপোনৰ ৰাণী
বাস্তৱত তুমিয়েই হাঁহি ঢালি দিয়া
এপাহি কুসুমকলি।
হাজাৰ কষ্টই মিতিৰালি পাতিলেও
তোমাৰ মিঠা কোমল মাতষাৰিত
ক্লান্ত দেহটো অক্লান্ত
সেউজীয়া সপোনবোৰেও গীত জুৰে
জেতুকা পাতেৰে ৰঙীন কৰিবলৈ।
তুমি বাধা নিদিবা,
জেতুকা পাতেৰে ৰঙীন কৰিম
এইবাৰ ব’হাগতে
দুয়োৰে ধূসৰ জীৱন।
সাহস দিবানে দুখ-কষ্টৰ লগত খেলিবলৈ
তুমিয়েই জীৱন প্ৰফুল্ল কৰি তোলা
এপাহি সুগন্ধি ফুল,
তোমাৰ সুগন্ধিতে বৈ আহে হাঁহিৰ নিজৰা
পাহৰি পেলাওঁ কষ্টৰ যাতনা।
সপোনৰ ৰাণী
তোমাৰ মাজতে বিচাৰি পাওঁ
অজস্ৰ সুখৰ মুষলধাৰ
সেয়ে এই ব’হাগতে জেতুকা পাতেৰে বুলাম
তোমাৰ আলফুল দুহাত।