‘জুৱা বা তাচপাত খেল’ এক সমাজঘাতক কু-সংস্কাৰ – প্ৰাণজিৎ মজুমদাৰ

‘জুৱা বা তাচপাত খেল’ এক সমাজঘাতক কু-সংস্কাৰ

প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা,ছয়গাঁও

কু-সংস্কাৰ সমাজৰ এক আটাইতকৈ ডাঙৰ সমস্যা । ইয়াৰে ভিতৰত এক বৰ্তমান আমাৰ সমাজত চুকে-কোণে সকলোতে বিয়পাই ফুৰা এক কু-সংস্কাৰ হৈছে- ‘জুৱা বা তাচপাত খেল’। এই খেলবিধে সমাজৰ প্রায় সৰুৰে পৰা ডাঙৰ বয়ো-বৃদ্ধ পৰ্যন্তলৈকে বেয়াকৈ প্রভাৱিত কৰিছে । আমাৰ কিছুমান অঞ্চলৰ বহুলোকে এই খেলৰ মাধ্যমেৰে ধ্বংসৰ গৰাহত পৰিছে । বহুলোকে এইখেলৰ বাবে ধাৰ-ঋণ লৈ সেইবোৰ মাৰিব নোৱাৰি বিপাঙত পৰিছে । তাচপাত খেলাৰ বাবে আনকি বহুতে পত্নী / ঘৈনিয়েকৰ আ-অলংকাৰো বেচিছে । আনকি, মাটি-বাৰীয়ো বন্ধক বা বিক্রী কৰি এই খেলৰ বাবে টকা যোগাৰ কৰিছে । আমাৰ অঞ্চলৰ উঠি অহা বহুতো নৱ-প্রজন্মই এই বেয়া অভ্যাসটোত হাত দিছে । সেয়েহে, আইন-প্রশাসনে অতি শীঘ্রে এই তাচপাত খেল বন্ধ কৰিব লাগে আৰু এই খেলৰ লগত জড়িত থকা সকলোৰে বিহিত ব্যৱস্থা ল’ব লাগে, লগতে নৱ-প্রজন্ম আৰু বয়ো-বৃদ্ধ সকলোকে এই নিছাৰ পৰা মুক্ত কৰিব লাগে । অন্যথা, ই সমাজত এক এৰাব নোৱৰা সমস্যাত অব্যাহত থাকিব । যদি এই জুৱা বা তাচপাত খেল বন্ধ নহয় তেতিয়া হলে বহুত উঠি অহা নৱ-প্ৰজন্ম ধ্বংসৰ পিনে আগবাঢ়ি যায় থাকিব। আমি যদি ভালদৰে লক্ষ্য কৰি চাঁও প্ৰতিটো চ’কতে প্ৰতিখন বজাৰতে মুকলিকৈ এই জুৱা বা তাচপাত খেল পৰিলক্ষিত হয়। আমাৰ ভৱিষ্যত নৱ-প্ৰজন্মৰ কথা ভাবি এই খেলসমূহ অতি সোনকালে বন্ধ কৰাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা ই পিছলৈ গৈ আমাৰ সমাজত এক ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে।