জুহাল – ৰশ্মি ৰেখা দুৱৰা

Pc DepositPhotos

অণুগল্প

জুহাল

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

ককাই ৰুই থৈ যোৱা গছবোৰ যিয়ে যেনেকৈ পাৰে কাটি লৈ গৈছে।কোনোজনৰ মুখত শুনোঁ অমুকাই চুৰ কৰি বিক্ৰী কৰিছে।বাৰীত গছ এজোপাও নোহোৱা হ’ল।ককা নোহোৱা হোৱাত বাৰীৰ সকলো শেষ হৈ গ’ল।
মই দেউতাক ক’ম তোমাৰ বাবে খৰি কিনি আনিবলৈ।জুহালৰ বেজাৰত মন মাৰি নাথাকিবা।আমি দুয়ো সন্ধিয়া জুই পুৱাম।