জুলাইৰ শেষত ভাৰতীয় সেনা বাহিনীক আনুষ্ঠানিকভাৱে অর্পণ কৰা হ’ব তেজছ এম কে-১এ যুদ্ধ বিমান
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ সৈতে চিৰবৈৰিতা আৰু চীনৰ আগ্রাসী নীতিৰ বাবেই ভাৰতে সামৰিক বাহিনীক শক্তিশালীকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীয়ে প্ৰতিটো বৰ্ষতেই প্ৰতিৰক্ষা বাজেট বৃদ্ধি কৰি আহিছে। পাকিস্তান আৰু চীনৰ যিকোনো পদক্ষেপক প্রত্যাহ্বান জনাবলৈ শীঘ্রেই ভাৰতীয় বায়ুসেনা বাহিনীক মোতায়েন কৰিব অতি অত্যাধুনিক যুদ্ধ বিমান তেজছ এম কে-১এ। সম্পূর্ণ দেশীয়ভাৱে নির্মিত তেজছ এম কে-১এ যুদ্ধ বিমান জুলাইৰ শেষত নাছিকত ভাৰতীয় সেনা বাহিনীক আনুষ্ঠানিকভাৱে অর্পণ কৰা হ’ব। হিন্দুস্তান এৰ’নেটিকছ লিমিটেড, চমুকৈ এইচএএলে নিৰ্মাণ কৰা প্ৰথম তেজছ এম কে-১এ যুদ্ধ বিমান হ’ব লাইট কমবেট এয়াৰ ক্রাফট (এলচিএ) ৰ অতি অত্যাধুনিক সংস্কৰণ। ভাৰতীয় বায়ুসেনা বাহিনীয়ে চাৰি বছৰ পূৰ্বে এইচএএলৰ সৈতে এই বিমান নিৰ্মাণ কৰিবলৈ ৪৮ হাজাৰ কোটি টকাত চুক্তিবদ্ধ হৈছিল। চাৰি বছৰৰ মূৰকত এইচএএলে জুলাইৰ শেষ ভাগত অত্যাধুনিক তেজছ বিমানখন যোগান ধৰিব। উল্লেখ্য যে এইচএএলক দ্বিতীয় পর্যায়ত ৯৭খন যুদ্ধ বিমান নিৰ্মাণৰ বাবে ৬৭ হাজাৰ কোটি টকা ঠিকা দিয়া হৈছিল। ভাৰতৰ মিগ যুদ্ধ বিমানৰ স্থানত তেজছ যুদ্ধ বিমান অন্তর্ভুক্ত কৰা হ’ব। পূৰ্বৰ তেজছ এম কে-১ সংস্কৰণতকৈ অধিক অত্যাধুনিক আৰু শক্তিশালী হিচাপে নিৰ্মাণ কৰা হৈছে নতুন সংস্কৰণ তেজছ এম কে-১এ। বিমানখনত চেঞ্চৰ ব্যৱস্থাটো অধিক শক্তিশালী কৰা হৈছে। ইজৰাইলৰ প্ৰকৃত ইএলএম-২০৫২ এক্টিভ ইলেক্ট্রনিকেল স্কেনড এৰে চমুকৈ এইএছএ ৰাডাৰৰ আৰ্হি বিমানখনত সংযোগ কৰা হৈছে। বিমানখনত আকাশতে ইন্ধন ভৰোৱাৰ ব্যৱস্থাও আছে। এই যুদ্ধ বিমানখনেৰে ১০০ কিলোমিটাৰ দূৰত্বলৈকে ক্ষেপণাস্ত্র নিক্ষেপ কৰিব পাৰে।