জুবিন হত্যা গোচৰ সন্দৰ্ভত পৰিয়ালৰে আলোচনা কৰি ল’ব ফাষ্টট্রেক আদালতৰ সিদ্ধান্তঃ  মুখ্যমন্ত্রী

জুবিন হত্যা গোচৰ সন্দৰ্ভত পৰিয়ালৰে আলোচনা কৰি ল’ব ফাষ্টট্রেক আদালতৰ সিদ্ধান্তঃ  মুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- মৰিয়নিত জুবিন গাৰ্গৰ হত্যা গোচৰৰ তদন্ত প্রক্রিয়া ক্ষিপ্ৰ কৰাৰ বাবে উঠি থকা ফাষ্টট্রেক আদালতৰ দাবীক লৈ প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়- ফাষ্টট্রেক আদালত সন্দর্ভত আমি পৰিয়ালৰ সৈতে আলোচনা কৰিম। বৰ্তমান গোচৰ চলি থকা আদালতে এজনো অভিযুক্তক জামিন প্রদান কৰা নাই। কেইবাবাৰো জামিনৰ আবেদন নাকচ হৈছে। ফাষ্টট্রেক আদালতত এই গোচৰটো যোৱাৰ লগে লগে যদি জামিন হৈ যায়, সেই দোষ যাতে মোৰ ওপৰলৈ নাহে। এই বিষয়বোৰ আলোচনা কৰিহে ফাষ্টট্রেক আদালতৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব। মুখ্যমন্ত্রীয়ে কয়- যদি ক’ৰবাৰ পৰা ভাল ফলাফল লাভ কৰি থকা হয়, তেন্তে তাক সলনি কৰা নহয়। কিন্তু এতিয়া দাবী উঠিছে যে য’ৰ পৰা ভাল ফলাফল আহি আছে তেওঁক সলনি কৰিব লাগে। গোচৰ প্রক্রিয়া লেহেমীয়া হ’লেও অভিযুক্ত এতিয়াও কাৰাগাৰতে আছে। যিসকলে সমগ্র প্রক্রিয়া লেহেমীয়া বুলি মন্তব্য কৰি আছে, তেওঁলোকে বুজি পোৱা নাই সিদ্ধার্থ শর্মা-শ্যামকানু মহন্ত জে’লত থকাৰ ৪-৫ মাহৰ বেছি সময় অতিক্ৰম কৰিলে। এতিয়াও জে’লৰ পৰা ওলাব পৰা নাই। এয়া বৃহৎ সফলতা নহয় জানো? মুখ্যমন্ত্রীয়ে কয়- কিছু লোকে অভিযোগনামা দুৰ্বল বুলি উল্লেখ কৰি আছে। কিন্তু অভিযোগনামা দুর্বল হয় নে নহয়, সেয়া আদালতহে চূড়ান্ত কৰিব। এইবোৰ বিষয় গোচৰ চলি থকাৰ সময়ত আলোচনা হ’ব নালাগে। এই লোকসকলৰ মানসিকতাটো কিমান নেতিবাচক সেয়া স্পষ্ট হৈছে। এওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সম্মান কৰা নাছিল। যিসকলে জীৱনকালত জুবিনক সম্মান কৰা নাছিল, তেওঁলোকেহে জুবিনৰ ওপৰত প্রশ্ন তোলে। জুবিনক ভালপোৱাসকলে প্রশ্ন নোতোলে। কেতিয়াবা জীৱনত অখিল গগৈক জুবিনৰ সৈতে দেখা পাইছিল নেকি? মৰাণত জুবিন গাৰ্গক আনিব নালাগে বুলি প্রস্তাব লৈছিল অখিল গগৈয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য-জুবিনক ভাল পোৱা লোকসকলৰ সমৰ্থন মোৰ ওচৰত আছে। যিসকলৰ সমর্থ নাই, তেওঁলোকক মই একো কৰিব নোৱাৰোঁ।