জুবিন হত্যাৰ গোচৰৰ বাবে বিশেষ আদালত গঠনৰ আহ্বান গৰিমাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয় । আজিৰ আদালতে মূলত তিনি অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে দাখিল কৰা পৃথক পৃথক আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে । ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আৱেদনসমূহৰ বিৰোধিতা কৰে । পিছত উভয় পক্ষৰ যুক্তি শুনি আদালতে অভিযুক্তৰ আৱেদনসমূহৰ সন্দৰ্ভত অহা ১৬ ফ্ৰেব্ৰুৱাৰীত ৰায় প্ৰদানৰ বাবে দিন ধাৰ্য কৰে । হত্যাকাণ্ডটোৰ মূল অভিযুক্ত তথা নর্থ-ইষ্ট ফেষ্টিভেলৰ স্বত্বাধিকাৰী শ্যামকানু মহন্তৰ অধিবক্তাই দাখিল কৰা ৩খন আবেদনৰ ওপৰত আদালতে শুনানি গ্রহণ কৰে। এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা অপূৰ্ব শৰ্মাই সদৰী কৰা মতে শ্যামকানু মহন্তৰ বেংক একাউন্টসমূহ ইতিমধ্যে ছীল কৰা হৈছে। আদালতে এই সন্দৰ্ভত কোনো ৰায়দান কৰা নাই যদিও অহা ১৬ ফেব্ৰুৱাৰীত আদালতে এই সন্দর্ভত শুনানি প্রদান কৰিব। আনহাতে শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাই দাখিল কৰা এখন আবেদন সন্দর্ভতো আদালতে শুনানি গ্রহণ কৰে। অৱশ্যে চৰকাৰী পক্ষই উক্ত আবেদনকেইখনৰ বিৰোধিতাৰে পুনৰ আদালতত আবেদন কৰে। উল্লেখ্য যে আদালতত গোচৰটোৰ পৰা ৰেহাই বিচাৰি আবেদন দাখিল কৰে শেখৰজ্যোতি গোস্বামীয়ে। আদালতে অহা ১৬ ফেব্ৰুৱাৰীত আটাইকেইখন আবেদন সন্দৰ্ভত ৰায় দিয়াৰ লগতে অভিযুক্তকেইজনক চাৰ্জফ্ৰেম কৰাৰো সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। ইপিনে শুনানিত অংশ লয় শিল্পীপত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী ড° পামী বৰঠাকুৰে। শিল্পীপত্নী গৰিমা শইকীয়া গাৰ্গে পুনৰ দোষীৰ শাস্তি কামনা কৰি কয় যে এটা শেষ উত্তৰ আমি বিচাৰিছোঁ দোষীয়ে শাস্তি পোৱাটো আমি বিচাৰিছোঁ। চৰকাৰলৈ পুনৰ বিশেষ আদালত গঠনৰ দাবী জনাই তেওঁ কয় যে আমি বাৰম্বাৰ বিশেষ আদালত গঠনৰ কথা কৈ আহিছোঁ। জুবিন গাৰ্গৰ গোচৰটো এটা বিশেষ গোচৰ। এই গোচৰটোৰ লগত বিলম্ব হোৱাটো নিবিচাৰোঁ। অসমৰ ৰাইজেও এয়া নিশ্চয়কৈ নিবিচাৰে। বিচাৰ প্ৰক্ৰিয়া নিখুঁত হ’ব লাগিব। ন্যায় প্রতিষ্ঠা হ’বই লাগিব। অভিযুক্ত কোনোৱে জামিন কোনো কাৰণতে পাব নালাগে। ভগ্নী পামী বৰঠাকুৰে কয়, “নথি-পত্ৰ আদান প্ৰদানৰ বাবে আজিৰ শুনানি গ’ল । সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে । অভিযুক্তৰ অধিবক্তাই প্ৰক্ৰিয়াটো লেহেমীয়া কৰি গৈ আছে । আমি বিচাৰিছোঁ যিমান সোনকালে হ’ব পাৰে ৰায়দান হ’ব লাগে । সেয়েহে আমি বিশেষ আদালতৰ কথা কৈ আছোঁ । এই লেহেমীয়া প্ৰক্ৰিয়াটো বাদ দিব লাগে । অভিযুক্তৰ অধিবক্তাই ইচ্ছাকৃতভাৱে লেহেমীয়া কৰি আছে । ৰায়দান সোনকালে হ’ব লাগে । আমি বহুত ধৈৰ্যৰে আছোঁ । এই ধৈৰ্যৰ বেছি পৰীক্ষা নকৰাই ভাল ।” ইপিনে শিল্পীগৰাকীৰ দেহৰক্ষীদ্বয় নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য সন্দর্ভতো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ২০১৮ চনত জুবিন গাৰ্গৰ পিএছঅ’ হিচাপে নিযুক্তি পোৱা নন্দেশ্বৰ বৰাৰ একাউণ্টত ২০২৫ ৰ ছেপ্টেম্বৰ মাহলৈ জমা হৈছিল ৪৫ লাখ ৩০ হাজাৰ ১৩৩ টকা। উক্ত ধন জমা কৰা কেইজন আছিল সিদ্ধার্থ শৰ্মাৰ ঘনিষ্ঠ। নন্দেশ্বৰ বৰাই এই সমগ্ৰ ধনৰাশি জুবিন গাৰ্গক ওভতাই জিয়া নাছিল। একেদৰে পৰেশ বৈশ্যৰ একাউণ্টত ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা ২০২৫ৰ ৬ ছেপ্টেম্বৰলৈ জমা হৈছিল ৩৬ লাখ ৯৩ হাজাৰ ৩৩৯ টকা। এই সকলো তথ্য আদালতত এছআইটিয়ে ইতিমধ্যে দাখিল কৰিছে।
