জুবিন বিহীন সময়বোৰ – বেনজিন চুলতানা 

Pc Wikipedia

জুবিন বিহীন সময়বোৰ 

বেনজিন চুলতানা 
বাইহাটা চাৰিআলি‌

ঘড়ীৰ কাঁটাৰ টিকটিক‌ গতিৰ লগে লগে জুবিন বিহীন সময়বোৰ পাৰ হৈ গৈ‌ আছে। সময়ৰ গতিয়ে জব্দ কৰিব পৰা নাই অসমীয়াৰ অশ্ৰু, অসমীয়াৰ আবেগ। আবেগৰ নদীখন বৈ গৈছে মাথোঁ । জাতি, ধৰ্ম, বৰ্ণ নিবিৰ্শেষে একতাৰ ডোলেৰে বান্ধ খাই তেজ মঙহৰ মানুহে প্ৰতিটো উশাহতে জুবিন দাৰ স্মৃতি‌ ৰোমন্থন কৰিছে। জুবিন দাৰ বাবে মন্দিৰ, মছজিদ, গীৰ্জা সকলোতে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছে । জীৱিত জুবিনক যেনেদৰে স্নেহ কৰিছিল অসমীয়াই, মৃত জুবিন দাৰ প্ৰতিও সেই একেই মৰম, শ্ৰদ্ধা প্ৰতিজন অসমীয়াৰ। “জুবিন” নামটোতে এক অদম্য শক্তি আছে।যি শক্তিয়ে ৰোধ কৰিব পাৰে উশৃংখলতাক, উগ্ৰতাক। যিমানেই উদন্ত মানুহ নহওঁক কিয় “জুবিন দা” নামটো শুনিলেই মৰম, শ্ৰদ্ধা, আন্তৰিকতাৰে শান্ত হৈ পৰে, মূৰ দোঁৱায় । সমাজৰ বিশৃংখলতা ৰোধ কৰিবলৈ “জুবিন” নামটোৱে যেন যথেষ্ট। মানৱতা জীয়াই ৰাখিবলৈ, অন্যায়ৰ হৈ মাত মাতিবলৈ , সমাজখন একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ “জুবিন দা” নামটো যেন ব্ৰহ্মাস্ত্ৰ। সকলোৱে পাহৰি গৈছে আজি উৎসৱৰ আনন্দ । চৌদিশে মাথোঁ মুখৰিত হৈ আছে “জয় জুবিন দা” ধ্বনি। যি শিশুৰ ভালদৰে মাতেই ফুটি উঠি নাই, সেই নিষ্পাপ শিশুৱেই আলফুলকৈ অস্পষ্ট ভাষাৰে‌ কৈছে -“জয়‌ জুবিন দা।” ফুটো নুফুটোকৈ ফুটি উঠা মাতেৰে গাইছে -“মায়াবিনী ৰাতিৰ বুকুত।” অসমৰ প্ৰতিজন শিশুৰে মুখৰ সংগীত হৈ পৰিছে মায়াবিনী। আলৰ বৃদ্ধ; যিজনৰ হয়তো কথা কোৱাৰ শক্তিকণো শৰীৰত নাই , তেৱোঁ কৈছে – “জয়‌ জুবিন দা।” হাস্পতালৰ বিচনাৰ পৰাও অসমীয়াৰ হৃদয়ৰ পৰা নিগৰিছে – “জয় জুবিন দা” ধ্বনি, মায়াবিনীৰ ঝংকাৰ। জুবিন দা অসমীয়াৰ ৰাজহাড় l জুবিন দা অবিহনে আমি অসমীয়াই ৰৈ ৰৈ বিনাই পাৰ কৰিছো সময়বোৰ । জুবিন দা বিহীন অসমখন আজি অভিভাৱকহীনতাত ভুগিছে। দৈনন্দিন কৰ্মৰাজিৰ মাজত হঠাৎ বুকুখন চিৰিংকৈ উঠে -“কি‌‌ সঁচাই জুবিন দা নাই‌ নেকি? সঁচাকৈয়ে দাদাই আমাক এৰি গ’ল নেকি? জুবিন দাৰো‌ জানো মৃত্যু হ’ব পাৰে?” মুহূৰ্ততে তপত অশ্ৰুয়ে সেমেকাই তোলে গালখন। তেওঁ নথকাৰ অনুভৱে হৃদয়ত তোলপাৰ লগায় । পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হ’লে যেনেকুৱা অনুভৱ হয় সেই একেই অনুভৱৰে বুকুখনে হাঁহাকাৰ কৰি উঠে । চৌদিশে শূন্যতাই বিৰাজ কৰে । জুবিন দাৰ গান, অভিনয়, ভিডিঅ’ কিম্বা দাদাই কৈ যোৱা কথাবোৰ কাণত অনবৰতে বাজিয়েই থাকে। দিনে প্ৰতিদিনে জুবিন দাৰ প্ৰতি থকা মৰম , শ্ৰদ্ধা ,‌আন্তৰিকতা আৰু অনুৰাগ বাঢ়ি গৈয়ে আছে আৰু বাঢ়ি গৈয়ে থাকিব । হাঁহি হাঁহি ধেমালিৰ মাজেৰে দাদাই  বহু কথাই কৈ গ’ল। গানৰ মাধ্যমেৰে বহুতো কথাই বুজাই থৈ গ’ল। সঁচাকৈয়ে তেওঁ গোৱাৰ দৰে তেওঁৰ কবিতাৰ ছন্দ, গানৰ‌ সুৰ তেওঁ নথকাৰ অনুভৱতহে বুজিব পাৰিছোঁ। তেওঁৰ ছন্দ আৰু সুৰৰ গভীৰতাত এতিয়াহে তেওঁৰ বিষাদবোৰ বুজিব পাৰিছোঁ। বহুতো কবিতা আৰু গীতত অসমৰ হাৰ্টথ্ৰব জুবিন দাই মৃত্যুৰ কথাকে কৈ গ’ল। মাথোঁ আমি নুবুজিলোঁ। তেওঁৰ গাই যোৱাৰ দৰে এতিয়া গানৰ মাজত, প্ৰাণৰ মাজত তেওঁক বিচাৰি ফুৰোঁ। এই পূণ্য আত্মা, দিব্য আত্মা, ঈশ্বৰ, ঈশ্বৰ পুত্ৰ, ঈশ্বৰৰ অৱতাৰ জুবিন দাৰ সুবাসেৰে সুবাসিত হৈ আছে অসমৰ বতাহ, বৰষুণ , মাটি, কৃষি, সাহিত্য, কৃষ্টি, সংস্কৃতি। সঁচাকৈয়ে দাদা অসমী আইৰ সুবাস । যোৱা ১৯ ছেপ্তেম্বৰৰ পৰা অসমত বাজিছে কেৱল জুবিন গাৰ্গৰ গান । গানৰ সংজ্ঞা মানেই‌ যেন জুবিন‌। শিশুৰ পৰা আলৰ বৃদ্ধলৈ প্ৰতিজন মানুহে গুনগুনাইছে দাদাৰ প্ৰিয় গীত “মায়াবিনী” । অসমৰ প্ৰতিটো অনুষ্ঠানৰে আৰম্ভণি কিম্বা শেষ গীত হৈ পৰিছে “মায়াবিনী।” আনকি বিশ্ব দৰবাৰতো খলকনি জগাইছে‌ প্ৰাণৰ জুবিন দাৰ “মায়াবিনী”য়ে । ভাৰতৰ জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষাল তথা গায়ক আৰয়ান মালিক কণ্ঠতো জিলিকিছে আমাৰ  দাদাৰ “মায়াবিনী” । এতিয়া “মায়াবিনী” কেৱল গীতেই হৈ থকা নাই, এইয়া যেন অসমৰ প্ৰাৰ্থনাহে । মায়াবিনীৰ মাজতে এতিয়া দাদাক বিচাৰি ফুৰোঁ। অসমৰ প্ৰতিটো অনুষ্ঠানৰ আৰম্ভ হয় দাদাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতহে । প্ৰতিটো অনুষ্ঠানৰ  আন্তৰিকতাৰ কাৰ্যসূচী হৈ পৰিছে দাদাক জনোৱা পুষ্পাঞ্জলি। এইয়া কৰিবলৈ কোনেও কাকো বাধ্য কৰোৱা নাই। এইয়া হৈছে সমগ্ৰ অসমীয়া ৰাইজৰ দাদাৰ প্ৰতি থকা সীমাহীন শ্ৰদ্ধা আৰু মৰম । যোৱা ১৯ ছেপ্টেম্বৰ,২০২৫ৰ পৰাই অসমৰ প্ৰতিখন বাতৰি কাকততে পঢ়ি আহিছো প্ৰিয় জুবিন দাক লৈ লেখা। প্ৰতিজন লেখকৰ কলমত প্ৰাণ পাই উঠিছে জুবিন দা।‌ নিউজ চেনেলৰ মুখ্য বিষয়বস্তু হৈ পৰিছে জুবিন দা।মাতৃভূমিক আৰু মানুহক নিস্বাৰ্থভাৱে ভাল পোৱা প্ৰাণৰ জুবিন দাই কৈ যোৱাৰ দৰে তেওঁ সঁচাকৈয়ে অসমৰ নিমখ । তেওঁৰ অবিহনে অসমত তৰকাৰীও নহয়, আলু পিটিকাও নহয় । দাদাৰ হেঁপাহৰ চলচ্চিত্ৰ “ৰৈ ৰৈ বিনালে” চাই অসমীয়াই  বিনাই উঠিছে চিনেমা হলতে । চিনেমাৰ মাধ্যমেৰে দাদাই আকৌ এবাৰ আমাৰ মাজত আহি ধৰা দিছেহি । তেওঁৰ মৃত্যুত দেখিলোঁ আকৌ এবাৰ তলাবন্ধ সদৃশ বাতাবৰণ। এই বাতাবৰণৰ বাবে কোনেও কাকো বাধ্য কৰোৱা নাছিল। এইয়া মানুহে স্ব-ইচ্ছাৰে কৰিছিল । শোকত বিহ্বল হোৱাৰ জনতাৰ দাদাৰ প্ৰতি থকা গভীৰ মৰম, শ্ৰদ্ধা, আন্তৰিকতা এইয়া । এইয়া আমাৰ হিয়াৰ আমঠু জুবিন দাৰ আজীৱনৰ অৰ্জন। হয়, আমি ভগৱানক দেখা নাই ।  কিন্তু আমি দেখিছোঁ আমাৰ জুবিন দাক। যিজন আমাৰ বাবে ঈশ্বৰৰ প্ৰতিচ্ছবি । আমি দেখিছোঁ দাদাৰ মৃত্যুত কান্দি উঠা প্ৰকৃতিক । সৰুসজাইৰ সেই বৰষুণ জাকক । দাদাক‌ শ্ৰদ্ধাঞ্জলি জনাবলৈ আগমন হোৱা সেই জীৱ-জন্তু আৰু চৰাই-চিৰিকটিক ।সাধাৰণতে শ্মশানত মানুহে যাবলৈ সংকোচ কৰে। কিন্তু অসমৰ হাৰ্টথ্ৰ’ব জুবিন দাৰ শ্মশান‌ যে এতিয়া পৱিত্ৰ তীৰ্থভূমিলৈ পৰিৱৰ্তন হৈছে। এইয়া যেন দাদাৰ মন্দিৰ। প্ৰতিদিনে নিশাই তাত হেজাৰ হেজাৰ মানুহৰ‌ সমাগম হৈছে।‌ শ্মশানে নাম পাইছে – “জুবিন ক্ষেত্ৰ ।” যি পৱিত্ৰ ক্ষেত্ৰলৈ গৈ মানুহে প্ৰাণৰ মানৱ দৰদী শিল্পীগৰাকীৰ সৈতে মন খুলি কথা পাতে । হেঁপাহ পলুৱাই কান্দে । অনুভৱ কৰে এই পূণ্য আত্মাৰ উপস্থিতি । তেওঁ যেন অদৃশ্য ৰূপত আমাৰ সকলোৰে মাজত আছে। হয়তো অনুৰাগীৰ মৰমৰ মাজত দাদাই স্বৰ্গৰ সুখ – আৰামকো প্ৰত্যাখ্যান কৰিছে ।‌ যিদৰে অসমী আইৰ মৰমত বলিউলকো তেওঁ প্ৰত্যাখ্যান কৰিছিল। অনুভৱ হয় দাদাই যেন থাকিব বিচাৰিছে অনুৰাগীৰ মৰমৰ মাজতে।

কোৱা হয় সময় সকলো পৰিস্থিতিৰে মহৌষধ। কিন্তু দাদাৰ মৃত্যুৰ ক্ষেত্ৰত এইয়া ওলোটা। যিমানেই সময় পাৰ হৈ গৈ আছে দাদাৰ বিয়োগৰ শোকে আৰু অধিক মৰ্মাহিত কৰি তুলিছে। “জুবিন দা নাই” কথাষাৰ মনলৈ আহিলেই হৃদয়খনে হাঁহাকাৰ কৰি উঠে।‌ সঁচাকৈয়ে সময় বৰ নিষ্ঠুৰ। কাঢ়ি লৈ গ’ল পলকতে আমাৰ বুকুৰ মাজৰ পৰা এটা সত্ত্বা, গানৰ পৃথিৱী,‌ মানৱতাৰ সাগৰখনক । সমস্ত অসমে দাদাৰ ওচৰত চিৰঋণী হৈ থাকিব। মাজে-সময়ে অনুভৱ হয় জুবিন দাই আমাক এৰি যোৱা নাই, আমাৰ মাজতে আছে।‌ তেওঁৰ আত্মাই আমাৰ চকুলো মচি যেন কৈছে – ” ধেৎ নাকান্দিবি, মই ক’লৈকো যোৱা নাই। মই ইয়াতে আছোঁ, তহঁতৰ মাজত ।” দাদাই এৰি যোৱাৰে পৰাই মন খুলি হাঁহিব পৰা নাই আমি । দিনটোৰ কোনোবাটো সময়ত জুবিন দা নথকাৰ অনুভৱে বৰকৈ ব্যাকুল কৰি তোলে। সামাজিক মাধ্যমত আগতে আপলোড কৰা নিজৰ ফটোবোৰ দেখিলে অনুভৱ হয় – “এইয়া জুবিন দাৰ মৃত্যুৰ আগৰ ফটো। কিমান যে ভাল আছিল দিনকেইটা ! প্ৰাণৰ জুবিন দা আমাৰ মাজতে আছিল। আমি জুবিন দা নথকাৰ শোকত মৰ্মাহত নাছিলোঁ ।” মুঠতে শয়নে – সপোনে সকলোতে মাথোঁ জুবিন দা। সমুদ্ৰৰ দৰে বিশাল হৃদয়ৰ‌‌ অধিকাৰী মানৱ দৰদী শিল্পী জুবিন দাক এচাম নৰপিশাচে যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰি কৰি হত্যা কৰিলে । দাদাৰ সহজ-সৰল ব্যক্তিত্বৰ আঁৰত কত যে ঘৃণনীয় ষড়যন্ত্ৰ কৰিলে !আমি ৰক্ষা কৰিব নোৱাৰিলোঁ অসমৰ এই অমূল্য সম্পদক ।ৰোধ কৰিব নোৱাৰিলোঁ এই অপূৰণীয় ক্ষতি। অপেক্ষা কৰি আছোঁ ন্যায়লৈ । অসমক নিজৰ সমস্ত দি যোৱা জুবিন দাক আমি কেতিয়া ন্যায় দিব‌ পাৰিম ! দাদাই বাৰু ন্যায় পাবনে? সঁচাকৈয়ে তেওঁ ৰজা আছিল। ৰজাৰ দৰে জীয়াই থাকিল আৰু ৰজাৰ দৰে গুছি গ’লগৈ। তেওঁ আছিল ৰাইজৰ ৰজা, জনতাৰ প্ৰাণৰ শিল্পী। সিংহাসনত নহয়, তেওঁ বিৰাজমান প্ৰতিজন অসমীয়াৰ হৃদয়ত।