জুবিন দা
সবিতা বেগম
বৰপেটা
প্ৰিয় শিল্পী সুৰ সম্ৰাট….
সঁচাকৈয়ে তুমি নথকা
অনুভৱ মানিব পৰা নাই
একেবাৰেই অসহনীয়…
নিষ্পাপ মনৰ নিথৰ দেহ…।
তেজ নিগৰি অহা প্ৰতিটো গান
হয়তো কোনোবাৰ শান্তিৰ সান।।
হে প্ৰিয় শিল্পী সুৰ সম্ৰাট
এতিয়া কোনে গাব প্ৰিয় গীতটি
কোনে লিখিব প্ৰিয় কবিতা
কাৰ গীত শুনি সান্তনা দিম
মাজনিশা হুকহুকাই কান্দি উঠা
বুকুৰ অশ্ৰুসিক্ত আৰ্তনাদ
কিছুমান নজনা প্ৰশ্নৰ চিতা
কেনেকৈ নুমাম তোমাৰ গান বিহনে….।
সচাকৈ….
হাঁহিলেও তোমাৰ গান
কান্দিলেও তোমাৰ গান
হোৱাটছ্প ফেচবুক ইনষ্টাগ্ৰাম…
দিছোঁ তোমাৰ গানৰেই ষ্টেটাচ
কেনেকৈ থাকিম, কেনেকৈ মানিম….।।
কৰ্মব্যস্ততায় ঘামি জুমি ক্লান্ত দেহা
কাৰ গানে পাহৰি জুৰাম কলিজা…।
থাকিছো কতনা নতুন গানৰ বাট ধৰি
এতিয়া পাৰ হ’লেও জীৱন যুঁজি….
ছাই হৈ হৈ গʼলা উৰি সাগৰ তলি
নাই!নাহা আৰু কেতিয়াও উভতি….।
তথাপি….
তোমাৰ স্মৃতি প্ৰেমাসুৰেৰ আলিংগনে
মগ্ন হৈ শান্তিৰ শলিতা জ্বলাই
গানৰ পূজা কৰিয়েই যাম
উৰেটো জীৱন….
হে প্ৰিয় যুগ শিল্পী অসম প্ৰান…..
তুমি হীন ক্ৰন্দনে বিশ্ব ভাসমান
আকাশ-বতাহ, ৰ’দ-বৰষুণ…
সাগৰ,ডাৱৰ,জীৱ-জন্তু
হুকাতুৰ পৰিৱেশ
সমগ্ৰ দেশ।।