জুবিন দা বিহীন আমিবোৰ
মুন শৰ্মা, লখিমপুৰ
আৰু …….
মায়া ভৰা নিশা বোৰ মায়াৱী নহয়,
মায়াৱীনি নিশাৰ বুকুত,
তুমি সুৰ ছন্দ নাচোন নমাবলৈ,
আৰু আমি উলাহত গগণ কপাবলৈ,
তুমি যে উভতি নাহা জুবিন দা।
কি কওঁ তোমাক ঈশ্বৰ পুত্ৰ……
অকল মায়াৱীনি আছিল নেকি?
কত সহস্ৰ গান তোমাৰ,
আমি হলো পাগল শ্ৰোতা তোমাৰ।
স্তব্ধ হৈ গল সকলো আজি অতীত সকলো।
বুকু খন খুব বিষাইছে তুমি জানা ঈশ্বৰ পুত্ৰ,
তোমাৰ অবৰ্তমানত আমি আজি দিশহাৰা,
উভতি নহাৰ দিনৰ শূণ্যতা হেঁচা,
চকুলো বোৰ নিগৰি আছে আজি অতদিন,
আৰু…. কিমান দিন তাৰো কোনো ঠিকনা নাই।
তুমি গুচি গলা ঈশ্বৰ পুত্ৰ,
আধৰুৱা আমিবোৰ আজি নিঠৰুৱা।
তুমি বিহীন জুবিন দা,, হেৰাল জীৱনৰ এমুঠি ৰং,
যাৰ সুখত পাৰ হৈ ৰ’ল, শৈশৱ আৰু যৌৱন,
জুবিন যুগৰ এই দুভগীয়া প্ৰজন্মৰ।
