জুবিন দা, তুমি গ’লাগৈ – উদয়ন তেতিয়া

Pc Facebook

জুবিন দা, তুমি গ’লাগৈ

উদয়ন তেতিয়া
গণসংযোগ আৰু সাংবাদিকতাৰ বিভাগ
তেজপুৰ বিশ্ববিদ্যালয়
জুবিন দা,
তুমি গ’লাগৈ,
সকলোকে কঁদুৱাই
এখন অজান দেশলৈ।
তুমি গ’লাগৈ,
কাকো একো নোকোৱাকৈ,
তোমাৰ আপোনজনৰ পৰা
বহু দূৰলৈ।
যোৱাৰ আগতে তুমি
এবাৰো নাভাবিলা,
তোমাক ভালপোৱা
সেই জনসাধাৰণৰ কি হ’ব?
তুমি এবাৰো নাভাবিলা
সেই মানুহ গৰাকী লৈ,
যিয়ে তোমাক নিজতকৈও
বহুত ভাল পাইছিল।
নাভাবিলা সেই মানুহজন লৈ,
যিয়ে তোমাক
অতি মৰম কৰিছিল
আৰু তোমাক হেৰুৱাৰ আগতে
নিজ পত্নী আৰু কন্যাক হেৰুৱাই,
তোমাৰ লগত এটা নতুন জীৱন আৰম্ভ কৰিছিল।
জানা, জুবিন দা,
তোমাক লগ পাম বুলি
বহু আশাৰে ৰৈ আছিলোঁ,
কিন্তু লগ পোৱাৰ নহ’ল,
গ’লাগৈ তুমি বহুত দূৰলৈ।
ভগৱান খুব নিষ্ঠুৰ জানা,
অতি কম সময়ৰ বাবে তোমাক
আমাৰ মাজলৈ পঠিয়াইছিল।
তুমি লিখিছিলা-
“আকাশে গাতে ল’বৰে মন,
সাগৰ তলিত শুবৰে মন।”
তুমি সঁচাই আকাশখন গাতে লৈ,
সাগৰৰ তলত শুই পৰিলা।
হয়তো তুমি ভগৱানৰে
অৱতাৰ আছিলা।
জুবিন দা,
তুমি য’তেই আছা,
ভালকৈ থাকিবা।
হয়তো তুমি যোৱা
সেই অজান দেশখনত
তোমাৰ মা আৰু তোমাৰ ভন্তী জংকীকো লগ পাইছা,
আৰু তেওঁলোকৰ লগত
বহু সময় কটাইছা।
সেই মহান শিল্পী,
তোমাৰ এই বিয়োগত
আমি সকলোয়ে মৰ্মাহত হৈ
তোমাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ।