জুবিন দা’ক ন্যায় লাগে!
সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়
জুবিন মানেই তৰোৱাল। তৰোৱালৰ নিচিনা শক্তি সম্পন্ন অসমীয়াৰ হিয়াৰ আমঠু জুবিন দা’ই ২০২৫ বৰ্ষৰ ১৯ চেপ্তেম্বৰ, ছিংগাপুৰত মৃত্যু বৰণ কৰিলে। তেখেতৰ এই আকস্মিক চিৰবিদায় লোৱাৰ খবৰে সমগ্ৰ অসম তথা ভাৰতৰ জনতাৰ অশ্ৰু নিগৰাইছে। কাৰণ জুবিন দা’ৰ গীত, চিনেমা আৰু ৰসাল কথাই সকলোৰে হৃদয় স্পৰ্শ কৰি গৈছিল। ৰাতিপুৱা শুই উঠি তেখেতৰ কণ্ঠত নিগৰা বৰগীত, লোকগীত তথা বিভিন্ন ভক্তিমূলক গীত শুনাৰ লগতে বহাগ বা বসন্ত কালত “অই নাহৰ ফুলাম বতৰ”, “জানমণি” আদি বিহু গীতৰ প্ৰচলন। শাওন মাহত “মহাদেৱ আহিছে ডম্বৰু বজাইছে”, শৰৎ কালত “মা দুৰ্গা মহামায়া” ইত্যাদি ভিন্ন সময়ৰ লগত মিলাই গোৱা গানে প্ৰতিজন মানুহৰে বুকুত মাজত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বহুতে ভগৱান বুলি বিশ্বাস কৰে। সঁচাকৈ তেখেত এজন মহাদেৱ শিৱৰ নিচিনা মাহাত্ম্য থকা ব্যক্তি। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত দ্রুত কৰা আৰু শীঘ্ৰে ন্যায় লাভৰ দাবী কৰাৰ বিপৰীতে ৰাজনৈতিক দলসমূহে তৰল ৰাজনীতিতহে ব্যস্ত হৈ পৰিছে। কোনোবাই জুবিন গাৰ্গক লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন দেখিছে, আন কোনোবাই এইবোৰৰ মাজতো নিজৰ সফলতা বিচাৰি পাইছে। এনে হ’লে জুবিন গাৰ্গৰ ন্যায় লাভৰ প্ৰক্ৰিয়া সুদূৰ পৰাহত হ’ব। সংবেদনশীল অসমীয়া সমাজৰ বাবে ইয়াতকৈ দুর্ভাগ্যজনক আৰু একো নহ’ব।