জুবিন গাৰ্গ  – সবিতা বেগম ,

জুবিন গাৰ্গ 

সবিতা বেগম ,
পাকাবেত বাৰী পাম,বৰপেটা

অতন্ত্ৰ প্ৰহৰীৰ দৰে দিনে নিশাই কাম কৰি কৰি ভাগৰুৱা দেহাটো লৈ  সোণাপুৰত অকালতে পুষ্প সয্যাত শায়িত হৈ জিৰণি লৈছে ৫২ বছৰতে হাৰ্টথ্ৰব হৃদয়ৰ আবেগ জুবিন দা ।  এটি যুগৰ অৱসান, এটি ইতিহাসৰ জন্ম পৃথিৱীত কতো শুনা নাই শ্মশান পৰিনত তীৰ্থস্থান। বিশ্ব ৰত্ন অমূল্য সম্পদ সুৰৰ আজন্ম প্ৰেমিক জনতাৰ প্ৰান সুৰ সম্ৰাট ইহলীলা সম্বৰণ শুক্ৰবাৰ দিনা (জন্ম ১৮ নবেম্বৰ ১৯৭২, মৃত্যু ১৯- ছেপ্টেম্বৰ -২০২৫ , শেষ কৃত ২৩ ছেপ্টেম্বৰ ২০২৫ ) ছিংগাপুৰত সাগৰ বৃক্কত  মৃত্যু। বাস্তৱ হলেও মৃত্যু চিৰ সত্য তথাপি মানিবলৈ খুবেই কষ্ট, খুবেই যন্ত্ৰণাদায়ক….দেহ মন স্তব্ধ পৰিৱেশ নিথৰ, জগত সংসাৰ শূন্য প্ৰানহীন। অসমখন যেন আতুৰ হৈ পৰিছে ভাষা হীন ভাবে। ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰতিটো জাতি-জনগোষ্ঠী চিঞৰি চিঞৰি কান্দিছে, ব্ৰাহ্মণ, ডেকা, কলিতা, বড়ো, কছাৰী, শিখ ,বৌদ্ধ, জৈন, খ্ৰীষ্টান, হাজী, মৌলবি, মিঞা ,আলী, ৰহমান…. সকলো মানুহ ৰাজপথ অলি গলিত একেলগে হৈ জুবিন দাৰ দুঃখত আকূতি বিননি কৈ কান্দি কান্দি আকুল নয়নেৰে বিদায় জনাই আত্মাৰ সদগতি কামনা কৰিছে কিন্তু কোনেও মৃত্যুক মানিব পৰা নাই। নাজানো, জুবিন দা  আচলতে কি আছিল হৃদয় খনে ভাষাৰে বুজাই ক’বয় নোৱাৰে,  কি হেৰুৱালোঁ ? ইমান কষ্ট কিয় লাগে…কাক কেনেকৈ বুজাম নাজানো মাথোঁ নাই বুলি ভাবিলেই চিঞৰি চিঞৰি কান্দিবলৈ মন যায়, আবেগে বুজনি নামানে। কাম বন খোৱা-লোৱা টোপনি সকলো দুস্প্ৰাপ্য, মাথোঁ আমিয়েই নহয় বুঢ়া-বুঢ়ী, শিশু য’ত যিটো প্ৰান আছে স্পন্দন হৈ সেই প্ৰানটো ইনাই -বিনাই কান্দিছে। জুবিন দা য’ত যেনেকৈ যিটো কথা কৈ গৈছিল অক্ষৰে অক্ষৰে মিলি গ’ল সেয়া গানৰ ভাষা হউক নাইবা মূখৰ ভাষা হউক। ইতিহাস এয়া নতুন যুগৰ ইতিহাস এয়া নৱপ্ৰজন্মৰ, যুগ যুগান্তৰ সাক্ষী হৈ ৰৱ। মানুহে পাগল বুলি কৈছে পিন্ধনৰ সাজ সজ্জা দেখি , পিন্ধনৰ চোলা, এচি পায়জামা, চকুৰ চশমা, দেখি ভৰিৰ জোতা, কানফুলি, গলৰ হাৰ, হাতৰ বাজু সকলো দেখি  পাগল কোৱাটো হয়তো অস্বাভাৱিক  নাছিল কিন্তু সেয়া আছিল সহজ সৰল মনৰ ভাষা, বিনোদন মাথোঁ। ৰীতা চৌধুৰীৰ সৈতে সাক্ষাৎকাৰটোৰ মোৰ মনত পৰে…. যন্ত্ৰ, হয় আচলতে মানুহজনক মানুহে টকাৰ বিনিময়ত যন্ত্ৰ কৰি পেলাইছিল। মানুহজন গৰিমা বৌক কৈছিল তেওঁ হেনো বায়োডমেষ্টিক অৰ্থাৎ ঘৰচিয়া নহয় । হ্যিঃ জুবিন দাক পাগল বুলি কোৱা সকল আজি   পাগল মাথোঁ সিহঁতে নহয় গোটেই অসমবাসী পাগল জয় জুবিন দা ।
জুবিন দা এটা কথা স্পষ্ট কৈ বুজাই থৈ গ’ল প্ৰেম কি, প্ৰেম কিদৰে কৰিব লাগে, প্ৰেমৰ সংজ্ঞা কি….মানৱ ধৰ্ময় যে, আচল প্ৰেম সেয়া বুজাই থৈ গ’ল… ধৰ্ম এটা মাথোঁ নিজস্ব অনুভূতি মাত্ৰ। প্ৰেমত ধৰ্মৰ কোনো বাধা নাই।
         হায় সময়ৰ সিদ্ধান্ত ধেমেলীয়া শিশু সুলভ মনৰ ৰাজনীতি ভাল নোপোৱা মানুহজনক, দিনক দিনে ৰাজনীতিত পৰিণত কৰি পেলালে। মানৱদৰদী মানুহজন আছিল একান্ত সৎ আৰু পঞ্চভূতয় জৰ্জৰিত অহংকাৰ হীন মানৱ ৰূপৰ অৱতাৰ। হয়তো জীয়াই থাকোঁতে স্বয়ং ৰূপত চিনি পোৱা টান আছিল , সেয়ে যিদৰে কৈছিল ঠিক সেইদৰেই সকলো কাম অক্ষৰে অক্ষৰে মিলি গ’ল যেন বিধাতাৰ লিখনি চাই চাই কৈ গৈছে—- “সাগৰ তলিত শুবৰে মন”, সচাকৈ সেয়াই হ’ল, জুবিন দাৰ আচলতে বিদেশী সাগৰে তোমাৰ মূল্য নাজানে, এয়া আমাৰ ব্ৰহ্মপুত্ৰ হ’লে হয়তো কেতিয়াও নহ’ল । জুবিন দা তুমি কৈ গৈছিলা — “এশ বছৰে যি হোৱা নাই সেয়া কৰি থৈ যাম” তাকো সঁচাকৈ কৰিলা , “মই মৰিলে কেলা অসম সাত দিন বন্ধ থাকিব তাকো হ’ল। ধুমুহাৰ সতে মোৰ বহুযুগৰে নাচোন….
নাচিলে ধুমুহা,ৰ’দ-বৰষুণৰ সকলোৱে আহিছিল তোমাক চাবলৈ
মেঘ-ডাৱৰ সকলো তোমাৰ বাবে কান্দি কান্দি আকুল আহ্বান জনাইছে বিদায় যজ্ঞ -মেলাত,গছ-গছনি,জীৱ-জন্তু পশু-পাখি…… সকলো তোমাৰ ভাবে পাগল সঁচাকৈয়ে পাগল, মাথোঁ পাগল নহয়, জীৱন উচৰ্গা কৰি দিলে বগলীজনী, ভাটৌজনী, শোকাতুৰ স্তব্ধ অশ্ৰুসিক্ত কুকুৰবোৰ যেন সকলো নিথৰ আহত দেহ। পৃথিৱী যেন নিজৰ গতি পাহৰি গৈছে। কতো ভাল নালাগে কি হেৰালো গোটেই জীৱনটোৰ ভাবে। তুমি কোৱাৰ দৰেই হ’ল মাথোঁ তুমি চকু মেলি নেদেখিলা হয়তো স্বৰ্গৰ পৰা ঠিকেই দেখিছা। যতে  আছা হয়তো ভালেই থাকিবা। কিন্তু আমি ভালে নাই ক’ত পাম নতুন নতুন সময় উপযোগী শব্দৰ মেল বন্ধন এটি গান নামৰ আক্ষৰিক অৰ্থৰ অৰ্থবহ মেলা। হৃদয় জুৰাবলৈ এটি সুৰৰ বাহ্যিক ৰূপ। নাজানো দুঃখ-কষ্ট, সুখ-শান্তি মিলাকৈ কাৰ গান ষ্টেটাচ দিম হোৱাটচএপ, ফেচবুক ইনষ্টাগ্ৰামত…. কাৰ নিত্য নতুন গান গুণ গুণাম মনৰ অজান্তে। পুৱা গধূলি মায়াবিনী ৰাতি যদি অজান্তে কেতিয়াবা অকলেই কিছুমান শব্দ উলাই পৰে সেয়াই যেন তোমাৰ গান। যিজন মা একেবাৰেই বৃদ্ধা এক দাত দুই দাত থকা মা তোমাৰ গান শুনি ভাল পায় আৰু এতিয়াও শুনে নীৰৱে বহি হিয়াৰ কোনত। জীৱনত কেতিয়াও গান এটা নশুনা জনেও আজি তোমাৰ প্ৰেমৰ সুৰে মুগ্ধ, পাগল জগত সংসাৰ। এয়া মাথোঁ অসমত নহয় বিশ্ব ৰেকৰ্ড হ’ল জুবিন দাৰ গান মছজিদ-মাদ্ৰাছাত বাজি উঠিল  “মায়াবিনী ৰাতিৰ বুকুত “……। মায়াবিনী গানটো আৰু গান হৈ থকা নাই ক্ৰমান্বয়ে হৈ পৰিছে আজিৰ প্ৰজন্মৰ হৃদয় নিগৰিত পৰ্বত সমান আবেগ, হৃদয়ত সদায় জিলিকি থাকিব সোনালী আখৰে। এটাৰ পাছত আনটো যুগ।পাৰ হ’ল উৎসৱ পূজা পাৰ্বন তুমি বিহীন। নাজানো কেতিয়া ছিঙিব মৃত্যুৰ ৰহস্যৰ জাল। শেখৰ,সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত ছিংগাপুৰ নৰ্থ ইষ্ট ফেষ্টিভেলত লৈ গ’ল সকলোৱে জানিছিল ডক্তৰে কোৱা মতে জুই আৰু পানীৰ পৰা সাবধানে থাকিবলৈ তেন্তে কিয় তোমাক পানীত লৈ যোৱা হ’ল। কিন্তু কিয়…. কিমান দিন অপেক্ষা এই উত্তৰ বিচাৰি….। সকলোৱে আহিল সশৰীৰে মাথোঁ তুমি মৰি থাকিলা, অকলে অকলে আকাশী ৰথেৰে কফিন এটাত দিল্লী হৈ সৰুসজাত আহিলা। ঘেন্টা বুজিয়েই নাপালোঁ।
       সুৰ সম্ৰাট দানবীৰ গণশিল্পী ৩৩ বছৰ কৰ্ম জীৱনত ৪০ টা ভাষা উপভাষাত গান গাইছিল ৩৮ হাজাৰৰো অধিক। ২০০৬ চনত হিন্দী চলচ্চিত্ৰ “গ্যাংষ্টাৰ” ত হিন্দী গান “ইয়া আলি”ত তেওঁ জাতীয় খ্যাতি অৰ্জন কৰিছিল । তাৰ প্ৰথম এলবাম “অনামিকা” ১৯৯২ চনত।
এইখিনিতেই থমকি থকা নাই ক্ৰমান্বয়ে অনুৰাধা (১৯৯২),জোনাকী মন (১৯৯৩), মায়া (১৯৯৪), আশা (১৯৯৫), জুবিনৰ গান (১৯৯৬),ৰং(১৯৯৬), মুক্তি (১৯৯৭), জানমণি (১৯৯৮),মেঘৰ বৰন(১৯৯৯), ৰাংঢালি (১৯৯৯),পাখি (১৯৯৯), হিয়ামন (২০০১), সপোন (১৯৯৯),শিশু(২০০২), যন্ত্ৰ (২০০৪), উৰণীয়া মন (২০০৭), ৰুমাল (২০০৮), অভিমানী মন (২০০৯), ৰুণজুন (২০১২),কিং (১০১৫) ইত্যাদি। মাথোঁ নতুনকৈ আৰু নহ’ব বন্ধ হৈ থাকিল। ২০১৪ চনত জুবিন দালৈ “ৰেনেছাঁ অসম বঁটা” আগবঢ়োৱা হয়। ২০২৪ চনৰ ২৭ মে’ত জুবিন গাৰ্গক মেঘালয়ৰ “বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে” সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ (ডি.লিট) ডিগ্ৰী প্ৰদান কৰে। ২০২৫ চনত বেলতলা বহাগী উৎসৱ সমিতিয়ে তেওঁক জীৱনজোৰা সাধনাৰ ড০ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰে৷
তেওঁ মাথোঁ শিল্পী নাছিল একেধাৰে– কবি,লেখক, সমাজসেৱক, গীতিকাৰ, সংগীতজ্ঞ, পৰিচালক চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা ইত্যাদি হিচাপেও খ্যাত। তেওঁ ১২ বিদৰো অধিক বাদ্যযন্ত্ৰ বজাবলৈ সক্ষম আছিল। অসম আত্মাৰ গুন গৰিমা কৈ শেষ কৰা অসম্ভব। অতন্ত্ৰ প্ৰহৰী হৈ কাম কৰি গৈছিল। দেশৰ ভাবে, দশৰ ভাবে, সমাজৰ ভাবে, দুখীয়াৰ ভাবে, মাথোঁ নিজৰ ভাবে একো কৰা নাই, দান কৰি কৰি ভগৱানো যেন আজি ঋণী হৈ গৈছে । ওসঃ ভগৱান ১২ বছৰ আগতে যিটো গছৰ তলত বহি জিৰণি লৈছিল ক্লান্ত পথিক ৰূপে আজি সোণাপুৰৰ সেই ঠাইত অনন্ত কালৰ ভাবে জিৰণি ল’লে আমাৰ অসম প্ৰান জুবিন দা। গৰিমা বৌৰ গল্ডী।
       যাৰ নিত্য নতুন গান শুনি দুঃখ-কষ্ট, হাঁহি-কান্দোন, শুই-বহি, ক্লান্ত-জিৰণি, খোৱা-লোৱা, কাম-কাজ আদি সকলোতে মিল হৈ থকা দৈনন্দিন জীৱনৰ প্ৰতিচ্ছবি অৰ্থাৎ মূহুৰ্তত মিলি যোৱা গান আছে মাথোঁ এজনৰেই সেয়া হ’ল সুৰ সম্ৰাট জুবিন দা। এতিয়া নাজানো কাৰ গানৰ অপেক্ষাত থাকিম। কাৰ গান শুনি শুনি টোপনি যাম কাৰ গান শুনি চকু মেলিম, ধৰ্মৰ নামত কৰ্মৰ নামত। প্ৰতিজন মানুহৰ মনৰ আবেগ  প্ৰকাশ কৰি গলা তোমাৰ সুৰৰ মূৰ্চনাত, হে শব্দৰ ৰজা, তোমাক জনাওঁ সহস্ৰাধিক প্ৰনাম। নাজানো কাৰ নতুন নতুন গান শুনি কটাম নিৰ্জন দুপৰীয়া । জুবিন দা তোমাক পাহৰা অসম্ভব, হে গণশিল্পী জনতাৰ যোগ্য নেতা তুমি উভতি অহা । অসমক কিয় অনাথ কৰি থৈ, অগ্নিস্নান কৰি পঞ্চভূতয় বিলিন হৈ গলা। এতিয়াই সময় হোৱা নাছিল উভতি আহা…। চাওতে চাওতে চাৰি মাহ পাৰ হৈ গ’ল তোমাৰ ন্যায় বিচাৰি, নাজানো ন্যায় কেতিয়া এতিয়াতো মাথোঁ অপেক্ষাত, মাথোঁ অপেক্ষাত তোমাৰ ন্যায়ৰ অপেক্ষাত।
     অসমৰ বিশিষ্ট লেখক-সাহিত্যিক ড° নগেন শইকীয়াই জুবিন গাৰ্গ সন্দৰ্ভত মন্তব্য কৰি কৈছিল—-“মই দেখিছোঁ জুবিনৰ কণ্ঠত এনে এক সুৰৰ যাদু আছে, যি মানুহক, শ্ৰোতাক সহজেই আকৰ্ষণ কৰিব পাৰে”। কথাষাৰ একেবাৰেই সত্য।।
     “মানুহক দুঃখ দি ঈশ্বৰক পূজা কৰি লাভ নাই , দুঃখী জনৰ মূখত হাঁহি বিৰিঙাৱ পাৰিলেই ঈশ্বৰ সেৱা হয় “।
     ,, কিতাপ নথকা জাতিক গামোচায় বচাব নোৱাৰে,,।
    “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা।”