জুবিন গাৰ্গৰ হত্যাকাৰীক আদালতে শাস্তি দিবঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই থকা এছআইটিয়ে আজি আদালতত দাখিল কৰিব চাৰ্জশ্বীট। দাখিল কৰিবলগীয়া এই চাৰ্জশ্বীটক লৈ সমগ্ৰ ৰাজ্যই উৎকণ্ঠাৰে বাট চাই থকাৰ সময়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয়- এছআইটিয়ে আদালতত চাৰ্জশ্বীট দাখিল কৰাৰ পাছত আৰক্ষীৰ কাম নাথাকিব। এই অভিযোগনামা আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। চাৰ্জশ্বীট দাখিলৰ পিছত আৰক্ষীৰ তদন্তৰ কাম শেষ হোৱাৰ পাছত আদালতৰ কাম আৰম্ভ হ’ব। মই ভাবোঁ যে আদালতে নিশ্চিতভাবে ন্যায় প্রদান কৰিব।
