জুবিন গাৰ্গৰ স্মৃতিত প্রবন্ধ প্রতিযোগিতাৰ আয়োজন

Pc Facebook

জুবিন গাৰ্গৰ স্মৃতিত প্রবন্ধ প্রতিযোগিতাৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত যোৰহাট সাহিত্য মঞ্চই এখনি প্রবন্ধ প্রতিযোগিতা আয়োজন কৰিছে। সকলোৰে বাবে মুকলি প্রবন্ধ প্রতিযোগিতাৰ বিষয় হ’ল – ‘জুবিন গার্গৰ গীত : দৃষ্টি আৰু সৃষ্টি।’ ইচ্ছুক প্রতিযোগীসকলে অসমীয়াত ডিটিপি (পেজমেকাৰ, ৰামধেনু গীতাঞ্জলি ফণ্ট, ১৪ পইণ্ট) কৰি প্রবন্ধসমূহ lolitborah11@gmail.com ত প্রেৰণ কৰি লাগিব। ডাকত প্রেৰণ কৰিব বিচাৰিলে সালংকৃতা, উন্নয়ন চুপাৰ মার্কেট (ভাৰতীয় ষ্টেট বেংকৰ যোৰহাট শাখাৰ সন্মুখত), যোৰহাট-১ ঠিকনাত প্রেৰণ কৰিব পাৰিব। প্রতিযোগিতাৰ মাধ্যম অসমীয়া আৰু সর্বাধিক শব্দৰ সংখ্যা ২৫০০। প্ৰবন্ধ প্ৰেৰণ কৰাৰ অন্তিম তাৰিখ ২০ , ডিচেম্বৰ, ২০২৫।প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান প্রাপকসকলক মানপত্র, গ্ৰন্থসহ নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব।সবিশেষ জানিবৰ বাবে 7636822985 বা 99546 85127 নম্বৰত যোগাযোগ কৰিবৰ বাবে উদ্যোক্তাসকলে অনুৰোধ জনাইছে ।