জুবিন গাৰ্গৰ স্বাস্হ্যৰ বুজ তৃণমূল কংগ্ৰেছৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা অসমৰ হাৰ্টথ্ৰৱ, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’বলৈ অসম তৃণমূল যুৱ কংগ্ৰেছৰ এটি প্ৰতিনিধি দল উপস্থিত হয়। প্ৰতিনিধি দলটোত অসম যুৱ কংগ্ৰেছৰ সভাপতি মেহবুব আলী, উপ-সভাপতি বিতুল পেগু, সাধাৰণ সম্পাদক আব্দুল ৰাছিদ, কামৰূপ জিলা তৃণমূল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজ খান, ৰাজীৱ আহমেদ আৰু সদস্য হাছান আলী উপস্থিত থাকে। কন্ঠশিল্পী গৰাকীৰ আশু আৰোগ্য আৰু দীৰ্ঘায়ু কামনা কৰে অসম তৃণমূল কংগ্ৰেছে৷