জুবিন গাৰ্গৰ সৈতে কৰা প’ডকাষ্টৰ পৰা পোৱা ধনেৰে উদীয়মান শিল্পীক সহায় কৰিব সাহিত্যিক ড৹ ৰীতা চৌধুৰীয়ে

জুবিন গাৰ্গৰ সৈতে কৰা প’ডকাষ্টৰ পৰা পোৱা ধনেৰে উদীয়মান শিল্পীক সহায় কৰিব সাহিত্যিক ড৹ ৰীতা চৌধুৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট লেখক, ঔপনাসিক ড৹ ৰীতা চৌধুৰীৰ সংবাদমেলযোগে গুৰুত্বপূৰ্ণ ঘোষণা । প’ডকাষ্টত প্রিয় শিল্পীৰ অন্তিমটো ‘অসম্পাদিত কথোপকথন’ শীর্ষক সাক্ষাৎকাৰটোৰ পৰা অৰ্জন কৰা ধনেৰে গঠন কৰা পুঁজিৰে ৰাজ্যৰ উদীয়মান শিল্পীলৈ উৎসাহ যোগোৱাৰ পৰিকল্পনাৰে অসমীয়াৰ আৱেগ জুবিন গাৰ্গলৈ সশ্রদ্ধ শ্রদ্ধাঞ্জলি জ্ঞাপনৰ কথা ঘোষণা কৰিছে বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীয়ে। মহানগৰীত আয়োজিত এক সংবাদ মেলত এই কথা সদৰী কৰি বিশিষ্ট সাহিত্যিক ড° চৌধুৰীয়ে কয় যে জুবিন গাৰ্গক হেৰুওৱাৰ শোক সহজতে প্রশমিত নহয়। কাৰণ আমাৰ প্ৰাণত সোমাই আছে জুবিন গাৰ্গ। তেওঁৰ সৈতে হৈ যোৱা শেহতীয়া প’ডকাষ্টৰ জৰিয়তে ইউটিউবৰ পৰা ২,৯০৯ ডলাৰ লাভ কৰিছোঁ। ভাৰতীয় টকাৰ হিচাপত চাবলৈ হ’লে ২,৬৩,৪৬৮ টকা। বহুচৰ্চিত প’ডকাষ্টৰ জৰিয়তে লাভ কৰা সমুদায় ধন ২০ বছৰৰ বাবে ফিক্সড ডিপ’জিট কৰাৰ কথা ঘোষণা কৰি ড° চৌধুৰীয়ে কয় যে উক্ত ডিপ’জিটৰ পৰা সুদযোগে লাভ কৰা আয় উদীয়মান শিল্পীক উৎসাহ যোগোৱাৰ বাবে ব্যয় কৰা হ’ব। জুবিনবিহীন এই সময়ত যি শূন্যতা তেওঁৰ অনুৰাগীসকলৰ সন্মুখত দেখা দিছে, তেওঁলোকৰ বাবে আমি আমাৰ মঞ্চৰ পৰা কাম কৰিবলৈ ইচ্ছুক। এজন গায়ক হিচাপে নহয়, সমাজত বাট দেখুৱাব পৰা এগৰাকী ব্যক্তি হিচাপে জুবিন গাৰ্গ সিঁচৰতি হৈ আছে। তেওঁক আমি নিৰ্মাণ কৰিম। বৰ অসমক জুবিন গার্গে বিশ্বাস কৰিছিল। সকলোকে সমানভাৱে আগবঢ়াই নিয়াত বিশ্বাসী আছিল জুবিন গাৰ্গ। বিভিন্ন সময়ত নিজৰ গানৰ মাজেৰেই তেওঁ এই কথা প্রকাশ কৰিছিল। গতিকে মোৰ প্লেটফৰ্মৰ পৰা জুবিন অনুৰাগীসকলৰ বাবে যিখিনি সম্ভৱপৰ হয়, সেয়া কৰিবলৈ চেষ্টা কৰিম।উল্লেখ্য যে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে এটা প’ডকাষ্টৰ ভিডিঅ’ ব্যাপক চৰ্চালৈ আহিছিল । সেয়া আছিল বিশিষ্ট সাহিত্যিক ড৹ ৰীতা চৌধুৰীৰ প’ডকাষ্ট চেনেলৰ এটা ভিডিঅ’ । ছিংগাপুৰলৈ যাত্ৰা কৰাৰ কিছুদিন পূৰ্বে ড৹ ৰীতা চৌধুৰীয়ে নিজৰ প’ডকাষ্ট চেনেলত জুবিন গাৰ্গৰ সাক্ষাৎকাৰ লৈছিল ।  প্রায় এঘণ্টা ২০ মিনিটজোৰা ‘দ্য আনকাট জুবিন’ শীর্ষক অসম্পাদিত কথোপকথনৰ প’ডকাষ্টটো আছিল প্ৰাণৰ শিল্পীগৰাকীৰ জীৱনৰ অন্তিমটো সাক্ষাৎকাৰ। জুবিন গাৰ্গৰ জীৱনৰ খুলি নোকোৱা বহু অকথিত অধ্যায় উক্ত প’ডকাষ্টটোৰ জৰিয়তে পোহৰলৈ আনিবলৈ চেষ্টা কৰিছিল বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীয়ে। মনত খুপ খাই থকা বহু অধ্যায় পোহৰলৈ আনিবলৈ গৈ থমকি ৰোৱা শিল্পীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য উক্ত সাক্ষাৎকাৰত কৰিছিল। প্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ পাছত এই বক্তব্যবোৰ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটৰ বাবেও বহু সময়ত তথ্য সংগ্ৰহৰ এক অন্যতম উৎস ৰূপে চিহ্নিত হৈছিল। জুবিন গাৰ্গৰ অগণিত অনুৰাগীৰ লগতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু লোকে উক্ত সাক্ষাৎকাৰটো প্রত্যক্ষ কৰি উচুপি উঠিছিল। শেহতীয়াকৈ যোৱা ১২ ডিচেম্বৰত এছআইটিয়ে জুবিন হত্যাকাণ্ডৰ বহুচৰ্চিত চার্জশ্বীট আদালতত দাখিল কৰা সন্দর্ভত সাংবাদিকে সাহিত্যিক ড° চৌধুৰীয়ে কয়, যিহেতু বিষয়টো বিচাৰাধীন, সেয়ে এই বিষয়ত মই মন্তব্য কৰিব নিবিচাৰো । মই কলমৰ মাজেৰে যিখিনি কৰি আছোঁ কৰি যাম । জুবিন গাৰ্গৰ সকলো কৰ্মক গোট খোৱাই আমি এটা তৰা সাজিব বিচাৰো । মই এছ আই টিৰ চাৰ্জশ্বীটখন দেখা নাই । কিন্তু আমি সকলোৱে বিচাৰিছো জুবিনে ন্যায় পাওঁক ।