জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সম্পৰ্কীয় ভাতৃ DSP সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ 

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সম্পৰ্কীয় ভাতৃ DSP সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা– ৫দিনীয়া জেৰাৰ অন্তত অৱশেষত এছআইটিয়ে গ্ৰেপ্তাৰ কৰিলে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ শেষ সময়ৰ সংগীৰ ভিতৰত মুঠ ৫ জনক বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হৈছে । সিদ্ধাৰ্থ শৰ্মা , শ্যামকানু মহন্ত, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ পিছত কেইবাদিনো ধৰি চলা জেৰাৰ অন্তত বুধবাৰে এছ আই টিয়ে সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে ।উল্লেখ্য যে ছিংগাপুৰৰ য়ট পাৰ্টিত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত আছিল সন্দীপন।জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত হোৱা প্ৰতিমূহৰ্তৰ সাক্ষী আছিল সন্দীপন গাৰ্গ।৫বাৰকৈ CIDৰ জেৰাৰ অন্তত সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বকো সমজিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া সন্দীপন গাৰ্গ।গ্ৰেপ্তাৰৰ পিছতে CJM আদালতত লৈ যোৱা হৈ সন্দীপন গাৰ্গক।