জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত BNSSৰ ধাৰা ২০৮ প্ৰয়োগত অনুমতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত BNSSৰ ধাৰা ২০৮ প্ৰয়োগত অনুমতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ক্ষিপ্ৰগতিত চলি আছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত।  ইয়াৰ মাজতে জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই আহিছে এটা আশাৰ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত BNSSৰ ধাৰা ২০৮ প্ৰয়োগত অনুমতি প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। এই ধাৰাৰ জৰিয়তে বিদেশত সংঘটিত অপৰাধৰ অপৰাধীৰ ওপৰত গোচৰ ৰুজু কৰাত সহায়ক হয় ।  ১০ ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব চাৰ্জশ্বীট। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে । মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰে, “আজি আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন । এই দিনটোৱে আমাক তেওঁৰ সংগীত, তেওঁৰ স্বৰলিপি আৰু অসমৰ হৃদয়ত তেওঁৰ অপৰিহাৰ্য স্থানৰ কথা স্মৰণ কৰাই দিয়ে । এই বিশেষ দিনটোতই, সন্মানিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ভাৰতীয় নাগৰিক সংহিতাৰ (BNSS) ধাৰা ২০৮ৰ অধীনত প্ৰয়োজনীয় প্ৰয়োগৰ বাবে সন্মতি প্ৰদান কৰিছে, যাতে ছিংগাপুৰত জুবিনৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্ত ব্যক্তি সকলৰ বিৰুদ্ধে তদন্ত আগবঢ়াব পৰা যায় ।”  BNSSৰ ধাৰা ২০৮ৰ সহজ ভাষাত অৰ্থ – যদি কোনো অপৰাধ ভাৰতৰ বাহিৰত সংঘটিত হয়, কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ অনুমতি প্ৰদান নকৰালৈকে আদালতে সেই গোচৰটোক লৈ আগবাঢ়িব নোৱাৰে । সেয়া এই অনুমতি অতি গুৰুত্বপূর্ণ আইনী পদক্ষেপ, যাৰ মাজেৰে আমি অভিযুক্ত সকলৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰি গোচৰটো আইনগত আৰু দৃঢ়ভাৱে আগবঢ়াব পাৰিম । আমি ১০ ডিচেম্বৰ, ২০২৫ৰ ভিতৰত অভিযুক্ত ব্যক্তি সকলৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰিবলৈ পূৰ্ণৰূপে প্ৰতিশ্রুতিবদ্ধ।’’ উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমজুৰি তোলপাৰ লগাৰ পিছত অসম চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দি তদন্ত অব্যাহত ৰাখিছে ৷ এই তদন্ত অব্যাহত ৰাখিছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত এক বিশেষ তদন্তকাৰী দলে (SIT) ৷ লগতে অসম চৰকাৰৰ অনুৰোধমৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধীনত এখন ন্যায়িক সমিতিয়েও জুবিনৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । তদন্ত প্ৰক্ৰিয়াৰ মাজতে বি এন এছ এছ ২০৮ আৰোপ কৰাৰ ক্ষেত্ৰত গৃহ মন্ত্ৰণালয়ৰ সন্মতিয়ে গোচৰৰ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত কৰি ন্যায় প্ৰদানৰ ক্ষেত্ৰত পথ মুক্ত কৰিছে ।